যোৰহাট, 31 জানুৱাৰী: পুনৰ ১২ ফেব্ৰুৱাৰীত যোৰহাট সদৰ থানাত উপস্থিত হ’ব লাগিব প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা । ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত যোৰহাটত নিয়ম উলংঘা কৰাৰ অভিযোগত অভিযুক্ত ভূপেন বৰা বুধবাৰে হাজিৰ হয় যোৰহাট সদৰ থানাত ৷ থানাৰ পৰা ওলাই আহি পুনৰ চৰকাৰৰ কৰ্মকাণ্ডক কঠোৰ সমালোচনা কৰে সভাপতি বৰাই ।
বুধবাৰে যোৰহাট সদৰ থানাত তিনি ঘন্টাৰো অধিক সময় তদন্তকাৰীৰ বিষয়াৰে প্ৰশ্নোত্তৰ সন্মুখীন হোৱাৰ পিচত ভূপেন বৰাই সাংবাদিকৰ আগত কয় যে চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে এনে ধাৰা লগাই গোচৰ ৰুজু কৰিছে ৷ যি স্থানত ভাৰত জোড়ো ন্যায় যাত্ৰা প্ৰৱেশ কৰিছিল সেই স্থানত নামমাত্ৰ আৰক্ষী থকাৰ লগতে কোনো বেৰিকেডৰ ব্যৱস্থা কৰা নাছিল বুলি উল্লেখ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ।
আনহাতে যোৰহাট থানাত ভূপেন বৰাক সংগ প্ৰদান কৰি বিৰোধী দলপতি দেব্ৰৱত শইকীয়াই কয় যে ভাৰতীয় সংবিধান আৰু আইন মানি চলিব তেওঁলোকে ৷ ইয়াৰোপৰি তেওঁ কয় যে ভূপেন বৰা ১২ ফেব্ৰুৱাৰীত পুনৰ হাজিৰ হ’ব লাগিব । আনহাতে আৰক্ষীক ‘বিজেপি আৰক্ষী’ নহ’বলৈ আহ্বান জনায় ভূপেন বৰাই ।
ইয়াৰোপৰি তেওঁ কয় যে নিৰ্বাচনলৈ প্ৰায় এশদিন বাকী থকা অৱস্থাত এনেদৰে গোচৰ জাপি দিয়াটোৱে কি বুজায় সেয়া সকলোৱে গম পাইছে । তাপৰ্যপূৰ্ণ যে আজি ভূপেন বৰা যোৰহাট আৰক্ষীৰ সন্মুখত হাজিৰ হৈ ওলাই অহা পিচত কংগ্ৰেছ কৰ্মীসকলে হৰ্ষোল্লাস কৰা পৰিলক্ষিত হয় ।
উল্লেখ্য যে ভূপেন বৰাই সদৰ থানাত থকাৰ সময়ত শ শ কংগ্ৰেছী কৰ্মীয়ে যাতে কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলাল লগতে নিৰাপত্তাৰক্ষীয়ে বেৰিকেডৰ ব্যৱস্থা গ্ৰহণ কৰে ৷
লগতে পঢ়ক: শাৰীৰিক অসুস্থতাৰ বাবে যোৰহাট থানাত হাজিৰ হ'ব নোৱাৰিলে ৰাণা গোস্বামী