ETV Bharat / international

ট্ৰাম্পৰ কাৰ্যকালৰ প্ৰথম মাহতে গ্ৰেপ্তাৰ ২০ হাজাৰোধিক অবৈধ প্ৰব্ৰজনকাৰী - US ILLEGAL MIGRANTS DEPORTATION

ট্ৰাম্পে ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব গ্ৰহণৰ প্ৰথম কেইসপ্তাহমানৰ পিছতে দেশত এক প্ৰব্ৰজনবিৰোধী অভিযান আৰম্ভ কৰে ।

US illegal migrants deportation
অবৈধভাৱে প্ৰৱেশৰ চেষ্টা (ANI)
author img

By ANI

Published : Feb 27, 2025, 7:29 AM IST

ৱাশ্বিংটন ডি চি : ৰাষ্ট্ৰপতি হিচাপে ড'নাল্ড ট্ৰাম্পে দ্বিতীয়বাৰৰ বাবে শাসনভাৰ গ্ৰহণ কৰাৰ প্ৰথম মাহত ২০,০০০ তকৈও অধিক কোনো নথিপত্ৰ নোহোৱা অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে । হোমলেণ্ড ছিকিউৰিটি বিভাগৰ উদ্ধৃতিৰে CNN-এ এই কথা প্ৰকাশ কৰিছে ।

CNN ৰ মতে, ট্ৰাম্পে ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব গ্ৰহণৰ প্ৰথম কেইসপ্তাহমানৰ পিছতে দেশত এক প্ৰব্ৰজনবিৰোধী অভিযান আৰম্ভ কৰে আৰু দৈনিক অবৈধ প্ৰব্ৰজনকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ আৰম্ভ কৰে ।

নিৰ্দিষ্ট সম্প্ৰদায়ৰ মাজত বৃহৎ পৰিমাণৰ গ্ৰেপ্তাৰৰ যি গতি সেয়াই বাইডেন প্ৰশাসনকো অতিক্ৰম কৰে । CNN ৰ প্ৰতিবেদন অনুসৰি, যোৱা বিত্তীয় বৰ্ষত বাইডেনৰ শাসনকালত আমেৰিকাৰ ইমিগ্ৰেচন আৰু কাষ্টমছ এনফৰ্চমেণ্টে বৃহৎসংখ্যক প্ৰায় 33,000 অবৈধ প্ৰব্ৰজনকাৰীক গ্ৰেপ্তাৰ কৰিছিল ।

ডি এইচ এছৰ সচিব কৃষ্টি নয়েমে বুধবাৰে এক বিবৃতিত কয়, "সীমান্ত সুৰক্ষিত কৰিবলৈ আৰু অবৈধ বিদেশী অপৰাধীসকলক বিতাড়িত কৰিবলৈ আমি যি ব্যৱস্থা গ্ৰহণ কৰি আছো, তাৰ কাৰণে ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু তেওঁৰ প্ৰশাসনে প্ৰতিদিনে জীৱন ৰক্ষা কৰি আছে । কেইবা হাজাৰ অপৰাধীক অবৈধভাৱে এই দেশত প্ৰৱেশ কৰিবলৈ দিয়া হৈছিল । আমি তেওঁলোকক ঘৰলৈ প্ৰেৰণ কৰিছো । তেওঁলোকক আৰু কেতিয়াও ঘূৰি আহিবলৈ দিয়া নহ'ব ।"

ইফালে ট্ৰাম্পৰ জ্যেষ্ঠ বিষয়াসকলে গ্ৰেপ্তাৰৰ গতিৰ প্ৰতি হতাশা ব্যক্ত কৰিছে । যাৰ ফলত ২২ ফেব্ৰুৱাৰীত আই চি ইৰ কাৰ্যকৰী সঞ্চালক কালেব ভিটেলোক অপসাৰণ কৰা হয় । অৱশ্যে ভিটেলোক পুনৰ নিয়োগ কৰা হ'ব বুলি আশা কৰা হৈছে ।

হোমলেণ্ড ছিকিউৰিটিৰ মুখপাত্ৰ ট্ৰিচিয়া মেকলাফলিনে এক বিবৃতিত কয়, "আই চি ইৰ কাৰ্যকৰী সঞ্চালকক বৰ্খাস্ত কৰা হোৱা নাই । তেওঁ বৰ্তমান প্ৰশাসনিক ভূমিকাত নাই, কিন্তু সকলো ক্ষেত্ৰ আৰু প্ৰৱৰ্তন কাৰ্যকলাপৰ তত্ত্বাৱধান কৰি আছে । ইয়াৰ ভিতৰত আছে অবৈধ লোকসকলক বিচাৰি উলিওৱা, গ্ৰেপ্তাৰ কৰা আৰু বিতাড়ন কৰা, যিটো ৰাষ্ট্ৰপতি আৰু সচিবৰ এক মুখ্য অগ্ৰাধিকাৰ বিষয় ।"

আনহাতে, প্ৰথম কেবিনেট বৈঠকত ট্ৰাম্পে কৈছিল যে তেওঁৰ প্ৰশাসনে বিগত 50 বছৰত দেশত প্ৰৱেশ কৰা অধিক সংখ্যক অবৈধ প্ৰব্ৰজনকাৰীক বিতাড়ন কৰি অভিলেখ স্থাপন কৰিছে ।

লগতে পঢ়ক :ট্ৰাম্পৰ প্ৰব্ৰজন নীতিৰ ওচৰত সেও মানিলে ভাৰতে ! আমেৰিকাৰ প্ৰশংসাত পঞ্চমুখ মোদী - MODI ON TRUMP IMMIGRATION POLICY
লগতে পঢ়ক :এক দশকত প্ৰথমবাৰৰ বাবে বৃদ্ধি দক্ষিণ কোৰিয়াৰ জন্মহাৰ - SOUTH KOREAS BIRTH RATE

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.