আমাৰ বেছিভাগেই সুস্থ জীৱনশৈলী মানি চলিব বিচাৰে, কিন্তু কেতিয়াবা উপযুক্ত পৰামৰ্শৰ অভাৱত সেয়া সম্ভৱ নহয় ৷ প্ৰায়বোৰ স্বাস্থ্য বিশেষজ্ঞই দৈনন্দিন খাদ্যত দালি অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ দিয়ে, য’ত আৰ্হৰ, মচুৰ দাইল, বুটৰ দালি, মগু দালি, আৰু মাটি মাহৰ দালি আদি অন্তৰ্ভুক্ত কৰা হয় ৷ ইয়াক ছুপাৰফুডৰ শ্ৰেণীতো ৰখা হৈছে ৷ সেয়ে আজি জানো আহক দৈনন্দিন জীৱনত আমি কিয় দালি খাব লাগে-
দালি খোৱাৰ অগণন উপকাৰিতা
১) পুষ্টিকৰ উপাদানৰ ভঁৰাল
আইৰণ, জিংক, পটাছিয়াম আৰু ভিটামিন বি আদি অত্যাৱশ্যকীয় পুষ্টিকৰ পদাৰ্থৰে সমৃদ্ধ দালিয়ে আমাৰ সামগ্ৰিক স্বাস্থ্য উন্নত কৰাত অৰিহণা যোগায় আৰু শৰীৰৰ বিভিন্ন কাৰ্য সুচাৰুৰূপে পৰিচালনা কৰাত সহায় কৰে ৷
২) প্ৰ’টিনেৰে সমৃদ্ধ
দালি হৈছে উদ্ভিদভিত্তিক প্ৰ’টিনৰ এক উৎকৃষ্ট উৎস, যাৰ বাবে নিৰামিষভোজীসকলৰ বাবে প্ৰ’টিনৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে ই এক উত্তম বিকল্প ৷
৩) আঁহ সমৃদ্ধ খাদ্য
দালিত প্ৰচুৰ পৰিমাণে আঁহ থাকে, যাৰ ফলত পাচনতন্ত্ৰৰ স্বাস্থ্য উন্নত হোৱাত সহায় হয় ৷ ইয়াৰ ফলত কোষ্ঠকাঠিন্য, বদহজম আৰু গেছৰ দৰে সমস্যা ৰোধ হয় ৷
৪) হৃদযন্ত্ৰৰ স্বাস্থ্য
দালিত ট্ৰান্স ফেট আৰু কলেষ্টেৰল কম থাকে, যাৰ ফলত ই হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে অনুকূল কৰি ৰখাত সহায় কৰে ৷ দালি খালে হৃদৰোগৰ সম্ভাৱনাও হ্ৰাস হয় বুলি বিভিন্ন গৱেষণাত উল্লেখ কৰা হৈছে ৷
৫) ডায়েবেটিছত সহায়ক
দালিত থকা পুষ্টিকৰ উপাদানে ৰক্ত শৰ্কৰাৰ মাত্ৰা বজাই ৰখাত সহায় কৰে, যাৰ ফলত বেছিভাগ খাদ্য বিশেষজ্ঞই ডায়েবেটিছ ৰোগীক দালি খাবলৈ পৰামৰ্শ দিয়ে ৷
৬) ওজন কম কৰে
দালিত প্ৰ’টিন আৰু আঁহৰ সংমিশ্ৰণ থাকে, যিয়ে ভোক নিয়ন্ত্ৰণ কৰাত সহায় কৰে আৰু আপোনাৰ পেট দীৰ্ঘ সময়লৈকে পূৰ হৈ থাকে যাৰ ফলত বহু দেৰিলৈকে ভোক অনুভৱ নহয় যাৰ ফলত ওজন সহজে হ্ৰাস হয় ৷
৭) কৰ্কট ৰোগৰ আশংকা কম কৰে
বহু গৱেষণাৰ পৰা দেখা গৈছে যে, নিয়মিতভাৱে দালি সেৱন কৰিলে কলন কেন্সাৰকে ধৰি কিছুমান প্ৰকাৰৰ কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে ৷
উৎস:-https://www.wcrf.org/preventing-cancer/topics/pulses-and cancer/#:~:text=DAY%20portion%20poster-,What's%20the%20link%20between%20pulses%20and%20cancer%3F,least%2013%20types%20of%20cancer.
সতৰ্কীকৰণ: এই প্ৰতিবেদনত আপোনাক দিয়া সকলো স্বাস্থ্য সম্পৰ্কীয় তথ্য আৰু পৰামৰ্শ কেৱল আপোনাৰ সাধাৰণ তথ্যৰ বাবেহে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো । আপুনি এই উপায় বা পদ্ধতি অনুসৰণ কৰাৰ আগতে এই বিষয়ে বিতংভাৱে জনাটো উচিত তথা আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ।