ETV Bharat / health

অত্যধিক ওজনৰ মহিলাৰ পক্ষাঘাত হোৱাৰ আশংকা থাকে - Causes of paralysis

author img

By ETV Bharat Assamese Team

Published : Jun 18, 2024, 5:53 PM IST

Causes of paralysis: অতিৰিক্ত ওজন আৰু মেদবহুলতাই স্বাস্থ্যৰ ওপৰত বিভিন্ন ধৰণে প্ৰভাৱ পেলায় । এইবোৰৰ ফলত পক্ষাঘাতৰো সৃষ্টি হ’ব পাৰে ।

causes of paralysis
পক্ষাঘাত (paralysis) হোৱাৰ আশংকা (ETV Bharat)

অতিৰিক্ত ওজন আৰু মেদবহুলতাৰ মাজৰ সম্পৰ্কক লৈ আন এক নতুন তথ্য ওলাইছে । জাৰ্নেল অৱ দ্য আমেৰিকান ষ্ট্ৰ’ক এছ’চিয়েশ্যনত প্ৰকাশিত এক বৈজ্ঞানিক অধ্যয়নত কোৱা হৈছে যে কৈশোৰ আৰু সন্তান জন্ম দিয়াৰ বয়সত অতিৰিক্ত ওজন আৰু মেদবহুল মহিলাৰ মধ্যবয়সত ষ্ট্ৰোকৰ সম্ভাৱনা বৃদ্ধি পায় ।

মন কৰিবলগীয়া যে মগজুৰ ৰক্তবাহী নলী বন্ধ হৈ পৰাৰ ফলত পক্ষাঘাতৰ সম্ভাৱনা বাঢ়িছে । যিহেতু প্ৰায় ৮৭% লোক এই ধৰণৰ পক্ষাঘাতত আক্ৰান্ত হোৱা দেখা যায়, সেয়েহে শেহতীয়াকৈ এটা আগশাৰীৰ সংস্থাই কৰা এক অধ্যয়নৰ ফলাফলে অধিক সতৰ্কতাৰ প্ৰয়োজনীয়তাৰ ইংগিত দিছে ।

ফিনলেণ্ডত আমেৰিকান হাৰ্ট এছ’চিয়েশ্যনৰ সংযুক্ত প্ৰতিষ্ঠান আমেৰিকান ষ্ট্ৰ’ক এছ’চিয়েশ্যনে এই অধ্যয়ন চলাইছে । ইয়াত মুঠ ৫০ বছৰৰ স্বাস্থ্যৰ তথ্য বিশ্লেষণ কৰা হৈছিল । ১৪ বছৰ বয়সত অতিৰিক্ত ওজন থকা মহিলাসকলৰ ৫৫ বছৰ বয়সলৈকে ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা বেছি থকা দেখা গৈছে । ৩১ বছৰ বয়সত ওজন কমালেও এই আশংকা থাকেই । লগতে মন কৰিবলগীয়া যে ১৪ বছৰ বয়সত ওজন স্বাভাৱিক থাকিও ৩১ বছৰ বয়সত ওজন বৃদ্ধি হ’লেও পক্ষাঘাতৰ আশংকা বৃদ্ধি পায় । পুৰুষৰ ক্ষেত্ৰত কিন্তু এইধৰণৰ ধাৰা দেখা নগ’ল ৷ আনহাতে অতিৰিক্ত ওজনৰ মহিলাৰ তুলনাত ৩১ বছৰ বয়সত মগজুৰ ৰক্তক্ষৰণৰ ফলত ষ্ট্ৰোকৰ সম্ভাৱনা বৃদ্ধি পোৱা দেখা গৈছিল ।

সাময়িকভাৱে বৃদ্ধি...

এই অধ্যয়নৰ নেতৃত্ব দিয়া উৰ্চুলা মিকোলাই কয় যে এই ফলাফলৰ পৰা দেখা গৈছে যে সাময়িকভাৱে অতিৰিক্ত ওজনে ভৱিষ্যতৰ স্বাস্থ্যৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাব পাৰে । সেয়েহে কম বয়সতে অতিৰিক্ত ওজন আৰু মেদবহুলতাৰ ওপৰত চকু ৰাখিবলৈ চিকিৎসকে পৰামৰ্শ দিয়ে । সেইকাৰণে বহুতে স্বাস্থ্যসন্মত খাদ্য খোৱা, শাৰীৰিক ক্ৰিয়া-কলাপ, ব্যায়াম আদিক উৎসাহিত কৰে । হিটাভুৱে লগতে কয় যে মেদবহুলতা আৰু অতিৰিক্ত ওজন হ্ৰাস কৰাৰ কৌশল প্ৰয়োগ কৰিবলৈ শিশুসকলে লাজ অনুভৱ কৰিব নালাগে আৰু নিজকে দোষাৰোপ কৰিব নালাগে ।

১৯৬৬ চনৰ তথ্যৰ সৈতে

গৱেষকসকলে বিভিন্ন বয়সত ওজন আৰু ষ্ট্ৰোকৰ আশংকাৰ মাজৰ সম্পৰ্ক বিশ্লেষণ কৰিবলৈ নৰ্দাৰ্ণ ফিনলেণ্ড বাৰ্থ কহৰ্ট ১৯৬৬ চনৰ অধ্যয়নটো বাছি লৈছিল । অকাল জন্ম আৰু শিশুৰ মৃত্যুৰ সৈতে জড়িত কাৰকসমূহ পৰীক্ষাৰ বাবে এই অধ্যয়ন আৰম্ভ কৰা হৈছিল । সেই সময়ত ইয়াত ১২ হাজাৰতকৈ অধিক গৰ্ভৱতী মহিলাৰ নাম পঞ্জীয়ন হৈছিল । তেওঁলোকৰ পৰা জন্ম হোৱা ১০ হাজাৰতকৈ অধিক লোকৰ বয়স এতিয়া ৫০ বছৰৰ ওপৰত । গৱেষকসকলে সৰুৰে পৰাই তেওঁলোকৰ স্বাস্থ্যৰ সবিশেষ বহু গৱেষণাৰ বাবে ব্যৱহাৰ কৰি আহিছে । শেহতীয়া অধ্যয়নটোও এইটো ক্ৰমতে কৰা হৈছিল ।

উচ্চতা আৰু ওজনৰ অনুপাতৰ সৈতে

গৱেষকসকলে এই অধ্যয়নটোত এইটোৱে চালে যে মেদবহুলতা নথকাসকলৰ তুলনাত শিশু অৱস্থাত অতিৰিক্ত ওজন বা মেদবহুল লোকৰ আগতীয়াকৈ ষ্ট্ৰোকৰ কোনো ভিন্ন বিপদজনক কাৰক আছে নেকি ? ইয়াৰ বাবে শৰীৰৰ উচ্চতা-ওজনৰ অনুপাত (BMI) লোৱা হৈছিল । ১৪ বছৰ বয়সত বিএমআই ৰেকৰ্ড কৰা হৈছিল আৰু প্ৰায় ৩৯ বছৰ ধৰি নিৰীক্ষণ কৰা হৈছিল । ৩১ বছৰ বয়সত ৰেকৰ্ড কৰা আৰু ২৩ বছৰ ধৰি নিৰীক্ষণ কৰা হৈছে । ইয়াৰে ২০ জনৰ ভিতৰত প্ৰায় ১ জনৰ তেজ জমা হোৱাৰ ফলত হোৱা ষ্ট্ৰোক বা মৃদু ষ্ট্ৰোক ধৰা পৰে । ১৪ বছৰ বয়সত মেদবহুল লোকৰ ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা ৮৭% বৃদ্ধি পায়, আনহাতে ৩১ বছৰ বয়সত মেদবহুল লোকৰ ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা ১৬৭% বৃদ্ধি পায় ।

সম্পৰ্কটো কি ?

উচ্চ ৰক্তচাপ, ডায়েবেটিছ, ধূমপানৰ অভ্যাস আদি বিভিন্ন কাৰকে পক্ষাঘাতৰ সৃষ্টি কৰিব পাৰে । তেনে এটা বিপদজনক কাৰক হ’ল মেদবহুলতা । প্ৰতি ৫ জনৰ ভিতৰত এজন পক্ষাঘাতত আক্ৰান্ত । অতিৰিক্ত ওজন আৰু মেদবহুলতাই ৰক্তচাপ বৃদ্ধি কৰে । তদুপৰি ডায়েবেটিছ, উচ্চ কলেষ্টেৰল, হৃদৰোগৰ সম্ভাৱনাও বৃদ্ধি পায় । এই সকলোবোৰে পক্ষাঘাতৰ আশংকা আনে । গতিকে ওজন নিয়ন্ত্ৰণত ৰখাটো জৰুৰী । বেছিভাগ মানুহেই কম বয়সতে অতিৰিক্ত ওজন আৰু মেদবহুলতাৰ প্ৰতি বিশেষ গুৰুত্ব নিদিয়ে ।

কম হ’লে ভাল

অতিৰিক্ত ওজনৰ লোকে শৰীৰৰ ৭-১০% ওজন কমালেও উচ্চ ৰক্তচাপ আৰু ডায়েবেটিছৰ দৰে জটিলতা হ্ৰাস কৰিব পাৰে । কিন্তু অবৈজ্ঞানিক পদ্ধতিৰে ওজন কমাবলৈ চেষ্টা নকৰিব । খাদ্য আৰু ব্যায়ামৰ দ্বাৰা ইয়াক ক্ৰমান্বয়ে হ্ৰাস কৰিব লাগে ।

স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰক

সতেজ ফল-মূল, শাক-পাচলি, গোটা শস্য বেছিকৈ খাব লাগে । চেনি, মিঠাই, পানীয় আদি পৰিহাৰ কৰিব লাগে । কলেষ্টেৰল বৃদ্ধি কৰা চৰ্বি আৰু তেল মধ্যমীয়াভাৱে খাব লাগে । যদি আপুনি আমিষভোজী, তেন্তে কুকুৰা আৰু মাছ খোৱাই ভাল । সেয়াও সীমিতৰূপত । কম তেল দি খাদ্য ৰান্ধিব লাগে । নিমখো কমকৈ খোৱা উচিত ৷

ব্যায়ামক দৈনন্দিন জীৱনৰ এটা অংশ বুলি গণ্য কৰা উচিত । দিনটোত কমেও আধা ঘণ্টা ব্যায়াম কৰা উচিত ৷

লগতে পঢ়ক : শৰীৰ ভালে ৰাখিবলৈ কেনেধৰণৰ খাদ্য গ্ৰহণ কৰিব ? - TIPS FOR GOOD HEALTH

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.