ETV Bharat / health

আপোনাৰ হাত দুখন ধুনীয়া কৰি ৰাখিবলৈ কামত আহিব এই বিশেষ টিপছ - হাতৰ ছালৰ যত্নৰ উপায়

Hand Care Tips: প্ৰত্যেক মানুহে হাত দুখন খুব সুন্দৰকৈ ৰাখিব বিচাৰে ৷ সকলোৱে নিজৰ হাত দুখন নিমজ আৰু মসৃণ কৰি ৰাখিব বিচাৰে ৷ ঘৰুৱা পদ্ধতিৰে কেনেদৰে আপোনাৰ হাত দুখন ধুনীয়া কৰি ৰাখিব এই সন্দৰ্ভত জনালে সৌন্দৰ্য বিশেষজ্ঞা মালা মহন্তই ৷

Hand care tips
আপোনাৰ হাত দুখন ধুনীয়া কৰি ৰাখিবলৈ কি কৰিব ?
author img

By ETV Bharat Assamese Team

Published : Feb 20, 2024, 1:06 PM IST

সৌন্দৰ্য বিশেষজ্ঞা মালা মহন্ত

গুৱাহাটী, 20 ফেব্ৰুৱাৰী: সাধাৰণতে আমি যেতিয়া কোনো এজন ব্যক্তিৰ লগত চিনাকি হওঁ তেতিয়া আমি নমস্কাৰ বা হেণ্ডচেক দি ব্যক্তিগৰাকীক অভিবাদন দিওঁ ৷ তেতিয়াই প্ৰথমে আমাৰ হাত দুখন চকুত পৰে ৷ প্ৰত্যেক মানুহে হাত দুখন খুব সুন্দৰকৈ ৰাখিব বিচাৰে ৷

হাত দুখন ধুনীয়া দেখাবলৈ বহু মহিলাই ৱেক্সিং আৰু মেনিকিউৰো কৰাও দেখা যায় ৷ বহুসময়ত মহিলা সকলৰ ক্ষেত্ৰত পাচলি কাটোতে বা ঘৰুৱা কাম বনৰ বাবে হাতৰ ছাল খহতা হয় ৷ বহু সময়ত পাচলি কটাৰ বাবে অন্যান্য কামৰ বাবে হাতত কলা দাগ লগাও দেখা যায় ৷

এনেবোৰ সমস্যাৰ বাবে ঘৰুৱা পদ্ধতিৰে অতি সহজে ঘৰতে থাকি আপোনাৰ হাতদুখন ধুনীয়াকৈ ৰাখিব পাৰে ৷ তাৰ বাবে আপোনক লাগিব এটা গোল নেমু, অকমান বেকিং পাউদাৰ ৷ গোল নেমুতো দুফালকৈ কাটি লৈ তাৰ লগত এচিকুট মান বেকিং মিহলাই ভাল হাতত আৰু কলা দাগবোৰত লগাব ৷ সুবিধা পালেই হাত দুখন ধুই পেলাব ৷ এনেদৰে কৰাৰ ফলত আপোনাৰ হাত দুখন পৰিষ্কাৰ হোৱাৰ লগতেই নিমজ আৰু মসৃণ হৈ পৰিব ৷

যিসকল লোক হাত দুখন খহতা তেওঁলোকও ঘৰুৱা ভাৱে এই সমস্যা নোহোৱা কৰিব পাৰে ৷ তাৰ বাবে লাগিব এচামুছ বাটাৰ আৰু এচামুচ মোটা দানাৰ চেনি ৷ বাটাৰ আৰু চেনি মিহলি কৰি ভালদৰে হাতৰ তলুৱাত ভালদৰে মালিচ কৰিব ৷ যেতিয়ালৈকে বাটাৰখিনি মিহলি তেলৰ দৰে হৈ নাযায় তেতিয়ালৈ মালিচ কৰি থাকিব ৷ তাৰ পাছত হাত দুখন কুহুমীয়া গৰম পানীৰে ধুই মইশ্বৰাইজাৰ লগাব ৷ দৈনিক ৰাতি যদি আপুনি এনেদৰে কৰাৰ অভ্যাস গঢ়ি তোলে তেন্তে অতি কম দিনৰ ভিতৰত আপোনাৰ হাত দুখনৰ ছাল নিমজ হৈ পৰিব ৷

লগতে পঢ়ক: কামৰ প্ৰতি এলাহ লাগে নেকি ? এলাহ ভাৱ দূৰ কৰিবলৈ কি কৰিব ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.