ETV Bharat / entertainment

বিশিষ্ট অভিনেতা মেহতাব হুছেইনৰ দেহাৱসান - ACTOR MEHTAB HUSSAIN PASSES AWAY

অভিনেতা, নিৰ্দেশক, মেহতাব হুছেইনৰ দেহাৱসান । বৃহস্পতিবাৰে পুৱা গুৱাহাটীৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট অভিনেতাগৰাকীয়ে ।

Prominent actor Mehtab Hussain passes away
মেহতাব হুছেইনৰ দেহাৱসান (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : Feb 27, 2025, 12:54 PM IST

গুৱাহাটী : একালৰ চিনেমা আৰু অসমীয়া ধাৰাবাহিকৰ বলিষ্ঠ অভিনেতা, নিৰ্দেশক, মেহতাব হুছেইনৰ পৰলোকপ্ৰাপ্তি ঘটে ৷ আজি গুৱাহাটীৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট অভিনেতাগৰাকীয়ে ৷

মেহতাব হুছেইন অসমীয়া ছবিজগত আৰু অসমীয়া ধাৰাবাহিকৰ এগৰাকী বলিষ্ঠ অভিনেতা আছিল ৷ গুৱাহাটী দূৰদৰ্শনত প্ৰচাৰিত ‘‘মিতাৰ তিতা মিঠা’’ কমেডী ছিৰিয়েলখন নিৰ্মাণ কৰি তেখেতে দৰ্শকৰ পৰা বিপুল সঁহাৰি লাভ কৰিছিল ।

Prominent actor Mehtab Hussain passes away
ড৹ ভূপেন হাজৰিকাৰ সৈতে মেহতাব হুছেইন (Photo : ETV Bharat Assam)

‘‘মিতাৰ তিতা মিঠা’’ আছিল অসমৰ প্ৰথম খুহুতীয়া (আজিৰ ভাষাত কমেডী) ধাৰাবাহিক । সেই সময়ত তেওঁ অসমৰ ৰাইজৰ মাজত বিপুলভাৱে জনপ্ৰিয় হৈ পৰিছিল মেহতাব কা নামেৰে ।

দৃশ্যগ্ৰহণৰ মুহূৰ্তত মেহতাব হুছেইন (Photo : ETV Bharat Assam)

১৯৭৫ চনৰ ফেব্ৰুৱাৰীত মুক্তি লাভ কৰা পুলক গগৈ পৰিচালিত ব্লেক এণ্ড হোৱাইট ছবি ‘খোজ’ত নায়ক ৰূপে অভিনয় কৰিছিল মেহতাব হুছেইনে । অভিনয় কৰাৰ লগতে অসমীয়া ছবি নিৰ্মাণৰ বাবে আগৰণুৱা আছিল হুছেইন । কমেডী ছিৰিয়েল খিছিৰিত তেখেতে এজন কৌতুক অভিনেতা হিচাপে সুন্দৰ অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল । ইয়াৰোপৰি মেহতাব হুছেইন অসমৰ প্ৰথমগৰাকী চাহ বিজ্ঞানৰ স্নাতক আছিল ।

Prominent actor Mehtab Hussain passes away
মেহতাব হুছেইনৰ দেহাৱসান (Photo : ETV Bharat Assam)

ডিব্ৰুগড় সদৰৰ পৰা আহি গুৱাহাটীৰ চান্দমাৰীত স্থায়ীভাৱে বসবাস কৰিবলৈ লোৱা মেহতাব হুছেইন এগৰাকী চিনেমা, ধাৰাবাহিক জগতৰ উদ্যোগী হোৱাৰ লগতে বিভিন্ন ক্ষেত্ৰৰ সফল ব্যৱসায়ী আছিল ।

মেহতাব হুছেইন (Photo : ETV Bharat Assam)

মৃত্যুৰ সময়ত মেহতাব হুছেইনে জ্যেষ্ঠ ভাতৃ বিশিষ্ট চিকিৎসক ডাক্তৰ জাকিৰ হুছেইন, পত্নী-পুত্ৰ আৰু কন্যাক এৰি থৈ গৈছে । মৃত্যুৰ সময়ত অভিনেতাগৰাকীৰ বয়স আছিল ৭৫ বছৰ । মেহতাব হুছেইনৰ পিতৃ আছিল মুহিবুদ্দিন আহমেদ আৰু মাতৃ আছিল ছফিয়া খাতুন ।

লগতে পঢ়ক : বিশিষ্ট সাংস্কৃতিক কৰ্মী, বলিষ্ঠ অভিনেতা প্ৰবাল প্ৰিয়াংশু দুৱৰা আৰু নাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.