ETV Bharat / entertainment

ভাৰতীয় পোচাক পিন্ধি কাৰ্দাছিয়ান ভগ্নীৰ ভাৰত ভ্ৰমণ - Kardashian Sisters in traditional

author img

By ETV Bharat Assamese Team

Published : Jul 16, 2024, 4:57 PM IST

Kardashian sisters at ISKCON temple: কাৰ্দাছিয়ান ভগ্নীদ্বয়ে পৰম্পৰাগত পোচাক পিন্ধি ভাৰতীয় সংস্কৃতিক আঁকোৱালি লোৱা দেখা গৈছে ৷ ইস্কন মন্দিৰত কিমে শিশুসকলক খাদ্য পৰিৱেশন কৰে ৷

Kardashian Sisters Embrace Indian Culture In Traditional Attire At ISKCON Temple, Kim Serves Food To Children - See Pics
কাৰ্দাছিয়ান ভগ্নীদ্বয় (ANI photo)

চিটাৰা ডেস্ক, 16 জুলাই : শেহতীয়াকৈ কিম আৰু ক্ল’ কাৰ্দাছিয়ানে অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিয়াত অংশগ্ৰহণ কৰিবলৈ আহি ভাৰতত উপস্থিত হয় ৷ বিয়াৰ পিচত সময় উলিয়াই তেওঁলোকে ভ্ৰমণ কৰে আৰু মুম্বাইৰ ইস্কন মন্দিৰৰ আধ্যাত্মিক পৰিৱেশৰ উমান লয় ৷ মন্দিৰ ভ্ৰমণৰ সময়ত তেওঁলোকে ভাৰতীয় সংস্কৃতিক আঁকোৱালি লোৱা দেখা গৈছিল আৰু মন্দিৰ চৌহদৰ শিশুসকলক খাদ্য পৰিৱেশন কৰাও দেখা যায় ৷

ইনষ্টাগ্ৰামত কিম আৰু ক্ল’ৰ ফেন পেজসমূহে ভাৰতীয় পৰম্পৰাগত সাজ-পোচাকত সজ্জিত ভগ্নীদ্বয়ৰ ধাৰাবাহিক ফটো শ্বেয়াৰ কৰিছে । কিমে ধুনীয়া দোপাট্টাৰ সৈতে ৰঙা ৰঙৰ ড্ৰেছ পিন্ধি দেখা গৈছে, আনহাতে ক্ল’ৱে একেই ৰঙৰ দোপাট্টাৰ সৈতে যোৰ কৰা বগা সাজ-পোচাক পৰিধান কৰে । কিছুমান ফটোত তেওঁলোকক মন্দিৰৰ পুৰোহিতৰ সৈতে বাৰ্তালাপ কৰা দেখা গৈছে ।

লগতে পঢ়ক : অনন্ত-ৰাধিকাৰ বিয়াত স্বামীৰ পৰিয়ালৰ সৈতে নাহিল ঐশ্বৰ্য - Bollywood stars at ambani wedding

কাৰ্দাছিয়ান ভগ্নীদ্বয়ে মন্দিৰত শিশুসকলক খাদ্য পৰিবেশন কৰে আৰু তেওঁলোকৰ সৈতে মত বিনিময় কৰে । এখন ফটোত কিমে খাদ্যৰ পাত্ৰ এটা ধৰি এগৰাকী কণমানি ছোৱালীক পৰিৱেশন কৰি থকা দেখা গৈছে, যিখন ফটোৱে যথেষ্ট যোগাত্মক সঁহাৰি লাভ কৰিছে । মন্দিৰ ভ্ৰমণৰ সময়ত তেওঁলোকৰ সৈতে আছিল জনপ্ৰিয় প’ডকাষ্টাৰ তথা লেখক জে শ্বেট্টী ।

১২ জুলাইত কিম আৰু ক্ল’ ভাৰতত উপস্থিত হয় ৷ দুয়োগৰাকী ভগ্নীয়ে ইনষ্টাগ্ৰাম হেণ্ডেলত তেওঁলোকৰ ভ্ৰমণৰ বিষয়ে আপডেট শ্বেয়াৰ কৰে । অনন্ত আৰু ৰাধিকাৰ বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ আগতে আনকি দুয়োৱে অট’ৰিক্সাত উঠিও চহৰখন ঘূৰে । কিমে নিজৰ ভ্ৰমণৰ ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি কেপশ্যনত লিখে, “ভাৰতত মোৰ হৃদয় আছে ।”

প্ৰতিবেদন অনুসৰি কিম আৰু ক্ল’ৱে তেওঁলোকৰ হুলু ৰিয়েলিটী শ্ব' দ্য কাৰ্দাছিয়ানছত আম্বানী বিবাহৰ অভিজ্ঞতা অন্তৰ্ভুক্ত কৰিব । কাৰ্দাছিয়ান ভগ্নীদ্বয়ে তেওঁলোকৰ টীমটো লগত লৈ আনিছিল, যাৰ ভিতৰত আছে হেয়াৰষ্টাইলিষ্ট ক্ৰিছ এপ্লেটন আৰু চিত্ৰগ্ৰহণ প্ৰযোজক, যিয়ে তেওঁলোকৰ মুম্বাই যাত্ৰাৰ পৰা প্ৰস্থানলৈ সকলো ৰেকৰ্ড কৰিছে ৷ তেওঁলোকৰ ভাৰত ভ্ৰমণৰ প্ৰতিটো মুহূৰ্ত তেওঁলোকৰ ৰিয়েলিটী শ্ব'ৰ বাবে ৰখা হ’ব ।

লগতে পঢ়ক : সন্তান লাভৰ গৌৰৱেৰে গৌৰৱান্বিত হ’লে ইয়াতকৈয়ো বেছিকৈ নাচিব ছলমানে ! - Salman Khan Note for Anant Radhika

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.