ETV Bharat / bharat

আন্তৰ্জাতিক নাৰী দিৱস 2024; 10 সফল ভাৰতীয় মহিলা খেলুৱৈৰ সংগ্ৰামৰ কাহিনী

Successful Female Indian Players : আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে এই প্ৰতিবেদনত দেশৰ এনে 10 গৰাকী মহিলা খেলুৱৈৰ বিষয়ে উল্লেখ কৰিব খোজা হৈছে, যিসকলে বিভিন্ন ক্ৰীড়াত ভাৰতৰ নাম আলোকিত কৰিছে । কিন্তু এই সফলতাৰ জখলা বগোৱাৰ পূৰ্বে তেওঁলোকে সন্মুখীন হোৱা সংগ্ৰামৰ বিষয়ে জানিলে আপুনিও আচৰিত হ'ব ।

author img

By ETV Bharat Assamese Team

Published : Mar 7, 2024, 10:52 PM IST

10 সফল ভাৰতীয় মহিলা খেলুৱৈৰ সংগ্ৰামৰ কাহিনী

নিউজ ডেস্ক, ৭ মাৰ্চ : ভাৰতকে ধৰি সমগ্ৰ বিশ্বতে 8 মাৰ্চ তাৰিখটো নাৰী দিৱস হিচাপে পালন কৰা হয় । এই দিনটোত বিশ্বৰ নাৰী সমাজে অৰ্জন কৰা সফলতা আৰু তেওঁলোকৰ অধিকাৰৰ বিষয়ে চৰ্চা কৰা হয় । এই দিনটো মহিলাসকলৰ বাবে এক বিশেষ দিন । ১৯৭৫ চনৰ ৮ মাৰ্চৰ পৰা প্ৰতিবছৰে নাৰী দিৱস পালন কৰি অহা হৈছে । এইবছৰৰ নাৰী দিৱস উপলক্ষে আমি ইয়াত দেশৰ 10 গৰাকী মহিলা খেলুৱৈৰ বিষয়ে উল্লেখ কৰিব ওলাইছোঁ, যিসকলে ক্ৰীড়া জগতত যথেষ্ট সংগ্ৰাম আৰু কঠোৰ পৰিশ্ৰমৰ অন্তত দেশলৈ সুনাম কঢ়িয়াই আনিছে ।

1. শেফালী বাৰ্মা : ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অপেনাৰ শেফালী বাৰ্মা হাৰিয়ানাৰ পৰা আহিছে । উল্লেখ্য যে হাৰিয়ানা ৰক্ষণশীল সমাজ ব্যৱস্থা আৰু চিন্তাধাৰাৰ বাবেও জনাজাত । এনে পৰিস্থিতিত শেফালীৰ আজিৰ স্থিতিত উপনীত হোৱাটো নাৰী সবলীকৰণৰ এক জীৱন্ত উদাহৰণ । তেওঁ শৈশৱত ল'ৰা হিচাপে ল'ৰাসকলৰ লগত ক্ৰিকেট খেলিছিল । কিন্তু তেওঁৰ পিতৃ আৰু পৰিয়ালৰ সমৰ্থনৰ বাবে তেওঁ 15 বছৰ বয়সত ভাৰতৰ হৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত পদাৰ্পণ কৰে । শেফালীয়ে এতিয়ালৈকে ভাৰতীয় পোছাকত হৈ ৪ খন টেষ্ট, ২৩ খন এদিনীয়া আৰু ৬৮ খন টি-২০ মেচ খেলিছে ।

শেফালী বাৰ্মা
শেফালী বাৰ্মা

২. গীতা আৰু ববিতা ফোগাট : গীতা আৰু ববিতাৰ জন্ম হাৰিয়ানাৰ ভিৱানী জিলাৰ বালালীত । হাৰিয়ানাৰ লোকসকলৰ ৰক্ষণশীল চিন্তাধাৰাৰ মাজতে মহাবীৰ ফোগাটে তেওঁৰ কন্যাকেইগৰাকীক কুস্তিৰ ক্ষেত্ৰলৈ আগবঢ়াই দিয়ে । ফোগাট ভগ্নীদ্বয়ে তেওঁলোকৰ পিতৃ আৰু পৰিয়ালৰ সমৰ্থনত যথেষ্ট কষ্ট স্বীকাৰ কৰি হ'লেও ভাৰতৰ বাবে পদকৰ ধুমুহা সৃষ্টি কৰে । দঙ্গল নামৰ এখন চলচ্চিত্ৰও তেওঁলোকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছে । ববিতা বৰ্তমান বিজেপিৰ সৈতে জড়িত । এই দুয়োগৰাকী ভগ্নী নাৰী শক্তিৰ এক উৎকৃষ্ট উদাহৰণ ।

গীতা আৰু ববিতা ফোগাট
গীতা আৰু ববিতা ফোগাট

৩. মেৰী কম : ভাৰতৰ মহিলা বক্সাৰ মেৰী কম মণিপুৰৰ ইম্ফলৰ বাসিন্দা । তেওঁ আৰম্ভণিৰ পৰায়ে বহু সমস্যাৰ সন্মুখীন হ'বলগা হৈছিল । তেওঁৰ পিতৃ এগৰাকী কৃষক আৰু সৰুৰে পৰা তেওঁ আৰ্থিক সীমাবদ্ধতাৰ সৈতে যুঁজি আহিছে । কিন্তু তথাপি তেওঁ খেল এৰি দিয়া নাছিল আৰু ভাৰতক প্ৰতিনিধিত্ব কৰি কেইবাটাও পদক জয় কৰিছে । তেওঁৰ স্বামী কাৰুং অনখোলাৰে তেওঁৰ সফলতাত যথেষ্ট অৰিহণা যোগাইছে । মেৰী কম ভাৰতীয় নাৰীৰ বাবে এক অনুপ্ৰেৰণা । মেৰী কম নামৰ এখন চলচ্চিত্ৰও তেওঁৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছে ।

মেৰী কম
মেৰী কম

৪. দ্যুতি চান্দ : ভাৰতীয় দৌৰবিদ দ্যুতি চান্দ ওড়িশাৰ জাজপুৰ জিলাৰ চাকা গোপালপুৰ গাঁৱৰ বাসিন্দা । তেওঁৰ পিতৃ এগৰাকী বয়ন শিল্পী । তেওঁৰ পৰিয়ালৰ অৱস্থাও অতি শোচনীয় আছিল আৰু তেওঁ শৈশৱতে যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হৈছিল । তেওঁৰ ওচৰত পঢ়িবলৈ ধন নাছিল । সেয়েহে তেওঁৰ ভগ্নীয়ে সদায় তেওঁক দৌৰিবলৈ আৰু ক্ৰীড়াত কেৰিয়াৰ গঢ়িবলৈ অনুপ্ৰাণিত কৰিছিল । কিন্তু তেওঁৰ দৌৰিবলৈ জোতাও নাছিল বা প্ৰশিক্ষণৰ বাবে তেওঁৰ কোনো সম্পদ নাছিল । কিন্তু তথাপি কঠোৰ পৰিশ্ৰমৰ জৰিয়তে তেওঁ সফলতা অৰ্জন কৰে আৰু ভাৰতৰ বাবে পদক আঁজুৰি আনে । তেওঁ ভাৰতৰ প্ৰথমগৰাকী তৃতীয় লিংগৰ মহিলা দৌৰবিদ ।

দ্যুতি চান্দ
দ্যুতি চান্দ

৫. চেলিমা টেট : ভাৰতীয় মহিলা হকী দলৰ খেলুৱৈ চেলিমা টেটৰ জীৱনো কণ্টকপূৰ্ণ । কিন্তু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে তেওঁ সফলতাৰ ধ্বজা বহন কৰিছে । চেলিমাৰ জন্ম ঝাৰখণ্ডৰ চিমডেগা জিলাৰ এখন গাঁৱত । তেওঁৰ শৈশৱ দৰিদ্ৰতাৰ মাজেৰে অতিবাহিত হৈছে । কিন্তু তেওঁৰ পিতৃ আছিল তেওঁৰ অনুপ্ৰেৰণা । তেওঁক সদায় হকী খেলিবলৈ অনুপ্ৰাণিত কৰিছিল । তেওঁৰ পিতৃও এগৰাকী প্ৰাক্তন হকী খেলুৱৈ । এটা সময় আছিল, যেতিয়া তেওঁ খাপেৰিৰে নিৰ্মিত এটা ভঙা ঘৰত বাস কৰিছিল । তেওঁ অলিম্পিক আৰু কমনৱেলথ গেমছতো ভাৰতক প্ৰতিনিধিত্ব কৰিছে ।

৬. হিমা দাস : ভাৰতৰ তাৰকা দৌৰবিদ হিমা দাসৰ জন্ম অসমৰ নগাঁৱত । হিমাৰ পৰিয়ালত ১৭ জন লোক আছে আৰু তেওঁৰ পৰিয়ালটোৱে খেতি-বাতি কৰি জীৱন নিৰ্বাহ কৰে । তেওঁৰো শৈশৱ দৰিদ্ৰতা আৰু সংগ্ৰামেৰে অতিবাহিত হৈছে । কিন্তু তেওঁৰ কঠোৰ পৰিশ্ৰমৰ ফলত নিজকে সফলতাৰ শীৰ্ষত অধিষ্ঠিত কৰিছে । হিমা হৈছে মাত্ৰ ১৯ বছৰ বয়সতে ৫ টাকৈ সোণৰ পদক জয় কৰা ভাৰতৰ প্ৰথমগৰাকী মহিলা খেলুৱৈ । তেওঁ ভাৰতীয় নাৰী সমাজৰ বাবে এক অনুপ্ৰেৰণা ।

হিমা দাস
হিমা দাস

৭. অঞ্জু ববি জৰ্জ : কেৰালাৰ কোট্টায়াম জিলাৰ চিৰনাচিৰা চহৰৰ বাসিন্দা এথলীট অঞ্জু ববি জৰ্জে লং জাম্পত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিছে । তেওঁৰ সংগ্ৰামৰ কাহিনীও যথেষ্ট অনুপ্ৰেৰণাদায়ক । অঞ্জুৰ পিতৃয়ে তেওঁক আৰম্ভণিৰে পৰাই খেলিবলৈ সমৰ্থন কৰিছিল । তেওঁৰ পিতৃ এগৰাকী ফাৰ্নিচাৰ মিস্ত্ৰী । তেওঁ স্কুলত পঢ়ি থকা দিনৰে পৰাই লং জাম্পত অংশগ্ৰহণ কৰিবলৈ আৰম্ভ কৰে আৰু বৰ্তমান তেওঁ বিশ্ব চেম্পিয়নশ্বিপত পদক জয় কৰা একমাত্ৰ ভাৰতীয় খেলুৱৈ ।

অঞ্জু ববি জৰ্জ
অঞ্জু ববি জৰ্জ

৮. স্বপ্না বৰ্মন : পশ্চিমবংগৰ জলপাইগুৰিৰ স্বপ্না বৰ্মনৰ কাহিনীও সংগ্ৰামেৰে ভৰি আছে । স্বপ্না বৰ্মন এগৰাকী হেপ্টাথলন খেলুৱৈ । তেওঁৰ পিতৃ এগৰাকী ৰিক্সাচালক আছিল আৰু তেওঁৰ মাতৃয়ে চাহ বাগিচাত কাম কৰিছিল । তেওঁৰ পৰিয়ালটো বহু বিত্তীয় সংকটৰ মাজেৰে পাৰ হৈছে । তেওঁলোকৰ ওচৰত কন্যাক দৌৰিবলৈ জোতা কিনি দিবলৈও ধন নাছিল । তেওঁৰ দুয়োখন ভৰিত 6 টাকৈ আঙুলি আছে । যাৰ ফলত তেওঁৰ দৌৰাটো অতি কঠিন হৈ পৰিছিল । কিন্তু এই সকলো সংগ্ৰাম অতিক্ৰম কৰি তেওঁ সফলতাৰ ধ্বজা বহন কৰিছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

৯. বন্দনা কাটাৰিয়া : ভাৰতীয় মহিলা হকী দলৰ তাৰকা ফৰৱাৰ্ড খেলুৱৈ বন্দনা কাটাৰিয়াৰ কাহিনীও সংগ্ৰামপূৰ্ণ । উত্তৰাখণ্ডৰ হৰিদ্বাৰ জিলাৰ ৰৌশনাবাদৰ বাসিন্দা বন্দনাই দৰিদ্ৰতা, জাতি, লিংগ আৰু ৰক্ষণশীল চিন্তাধাৰাকো ওফৰাই সফলতা অৰ্জন কৰিছে । তেওঁৰ শৈশৱ আৰ্থিক সীমাবদ্ধতাত অতিবাহিত হৈছিল । তেওঁৰ পিতৃয়ে ভেলপুৰী বিক্ৰী কৰিছিল । তেওঁৰ কন্যাক জোতা বা হকী কিট কিনি দিবলৈ পৰ্যাপ্ত ধন নাছিল । ইয়াৰ উপৰি বন্দনাই মানুহৰ ককৰ্থনাও শুনিবলগা হৈছিল । কিন্তু তেওঁৰ পিতৃ আৰু পৰিয়ালৰ সমৰ্থনত বন্দনা আজি দেশৰ তাৰকা খেলুৱৈসকলৰ ভিতৰত অন্যতম ।

বন্দনা কাটাৰিয়া
বন্দনা কাটাৰিয়া

১০. মীৰাবাঈ চানু : ভাৰতৰ তাৰকা মহিলা ভাৰোত্তোলক মীৰাবাঈ চানুৰ জন্ম মণিপুৰৰ ইম্ফলৰ নংপোক কাকচিঙত । তেওঁ এগৰাকী তাৰকা খেলুৱৈ হোৱাৰ কাহিনীটো যথেষ্ট আকৰ্ষণীয় । চানুৰ অন্তৰ্নিহিত শক্তিক তেওঁৰ পৰিয়ালে ১২ বছৰ বয়সতে স্বীকৃতি দিছিল । তেওঁ সেই বয়সতে বহু ওজনৰ বোজা লৈ সহজে ঘৰলৈ আহিছিল, যিবোৰ তেওঁৰ জ্যেষ্ঠ ভাতৃয়ে কঢ়িয়াব পৰা নাছিল । ইয়াৰ পিছতে তেওঁৰ ভাৰোত্তোলক হোৱাৰ কাহিনী আৰম্ভ হয় আৰু যথেষ্ট সংগ্ৰামৰ পিছত তেওঁ দেশৰ হৈ বহু পদক জিনিবলৈ সক্ষম হয় । বৰ্তমান তেওঁ দেশৰ এগৰাকী তাৰকা খেলুৱৈ আৰু নাৰী সবলীকৰণৰ এক উৎকৃষ্ট উদাহৰণ ।

মীৰাবাঈ চানু
মীৰাবাঈ চানু

লগতে পঢ়ক :গয়াত গণনা কৰা হয় গৰুৰ ৰাশিফল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.