ETV Bharat / bharat

দিল্লীৰ বিশ্ববিদ্যালয়ত দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময়সূচী কৰ্তন: ক্ষোভিত শিক্ষাৰ্থী - Delhi skill university

author img

By ETV Bharat Assamese Team

Published : Jul 18, 2024, 7:52 PM IST

DSEU removes lunch break : কৰ্তন কৰা হৈছে দিল্লীৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে নিৰ্ধাৰণ কৰা দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময়সূচীৰ সীমা ৷ দুপৰীয়াৰ আহাৰ গ্ৰহণৰ বিৰতি অবিহনে একেলেথাৰিয়ে কৰিব লাগিব ক্লাছ ৷ বিশ্ববিদ্যালয়খনৰ এই সিদ্ধান্তক লৈ ক্ষুব্ধ হৈ পৰিছে ছাত্ৰ-ছাত্ৰীসকল ।

DSEU removes lunch break
দিল্লীৰ বিশ্ববিদ্যালয়ৰ দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময়সূচী কৰ্তন: ক্ষোভিত শিক্ষাৰ্থী (ETV Bharat)

নেশ্যনেল ডেস্ক, ১৮ জুলাই : বিশ্ববিদ্যালয়লৈ আহিছে যিহেতু পঢ়িবই লাগিব ৷ তাৰ বাহিৰে কোনো গত্যন্তৰ নাই ৷ সেয়ে দুপৰীয়াৰ আহাৰৰ বাবে বিশ্ববিদ্যালয়ে নিৰ্ধাৰণ কৰি দিয়া সময়সীমা হ্ৰাস কৰা হৈছে ৷ এই বাতৰি লাভ কৰাৰ পাচতে শিক্ষাৰ্থীৰ মাজত সৃষ্টি হৈছে এক হুলস্থূলীয়া পৰিৱেশৰ ৷

কিন্তু নিজৰ স্থিতিত অটল আছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষও ৷ এই বাতৰি আহিছে ৰাজধানী দিল্লীৰ পৰা ৷ দিল্লীৰ বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীক আৰু অধিক আগৰণুৱা কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷

অ’ ৰৱ ৷ আপুনি নিশ্চয় ভাবিছে দিল্লী বিশ্ববিদ্যালয়ৰ কথা কৈছো ৷ যদি ভাবিছে, তেন্তে সেয়া ভুল ৷ আমি উল্লেখ কৰা বিশ্ববিদ্যালয়খন হৈছে দিল্লী স্কীল এণ্ড এণ্টাৰপ্ৰেনিউৰশ্বিপ বিশ্ববিদ্যালয় (Delhi Skill and Entrepreneurship University) চমুকৈ DSEU ৷

জানিব পৰা মতে, DSEU ছাত্ৰ-ছাত্ৰীৰ বাবে দুপৰীয়াৰ আহাৰ গ্ৰহণৰ বিৰতিৰ সময়সূচী আছিল দিনৰ ১২.৩০ বজাৰ পৰা ১ বজালৈ ৷ অৰ্থাৎ দুপৰীয়াৰ আহাৰ গ্ৰহণৰ বিৰতিৰ সময় ৩০ মিনিট ৷ কিন্তু DSEU কৰ্তৃপক্ষই সেই সময় হ্ৰাস কৰি মাত্ৰ ৫ মিনিট কৰিছে ৷ যাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ মাজত ক্ষোভৰ অগনি জ্বলা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : ৪ বছৰীয়া UG ডিগ্ৰীধাৰীয়ে এতিয়াৰে পৰা পোনপটীয়াকৈ NET ত অৱতীৰ্ণ হ’ব পাৰিব : ইউজিচিৰ অধ্যক্ষ - UGC NET AND PURSUE PHD

সংবাদ সংস্থা PTI এ উল্লেখ কৰা অনুসৰি, বিশ্ববিদ্যালয়ৰে এজন ছাত্ৰই কয়, ‘‘আমি দিনৰ ১২:৩০ বজাৰ পৰা ১ বজালৈ দুপৰীয়াৰ আহাৰ গ্ৰহণৰ বিৰতি লৈছিলো, যিটো সময় তালিকাত অন্তৰ্ভুক্ত আছিল । অৱশ্যে এতিয়া বিশ্ববিদ্যালয়ে সেই সময়সীমা হ্ৰাস কৰি পুৱা ৯ বজাৰ পৰা বিয়লি ৫ বজালৈ একেলেথাৰিয়ে ক্লাছ অনুষ্ঠিত কৰি আহিছে ।’’

সূত্ৰ অনুসৰি, বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ মতে ছাত্ৰ-ছাত্ৰীৰ বাবে দুপৰীয়াৰ আহাৰ গ্ৰহণৰ বাবে ইমানখিনি সময়ৰ বিৰতিৰ প্ৰয়োজন নাই ৷ ৫ মিনিটৰ ভিতৰতে সকলোৱে আহাৰ গ্ৰহণ কৰিব পাৰিব ৷ DSEU ছাত্ৰ-ছাত্ৰীসকল কোনো সৰু ল’ৰা-ছোৱালী নহয় যে তেওঁলোকক আহাৰ গ্ৰহণ কৰিবলৈ বহু সময়ৰ প্ৰয়োজন হয় ৷

দিল্লীৰ DSEU ৰ ২২ অৰ্থাৎ আটাইকেইটা কেম্পাছৰে টাইম টেবুলৰ পৰা দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময় (লাঞ্চ ব্ৰেক) আঁতৰোৱা হৈছে বুলিও ছাত্ৰ-ছাত্ৰীয়ে অভিযোগ কৰে । এই বিষয়ে DSEU ৰ যুটীয়া সঞ্চালক (শৈক্ষিক) কামনা সচদেৱে কয় যে বিশ্ববিদ্যালয়খনে ৰাষ্ট্ৰীয় শিক্ষা নীতি (এন ই পি) ২০২০ অনুসৰি নিজৰ সকলো কেম্পাছৰ বাবে কেন্দ্ৰীভূত সময়সূচী তৈয়াৰ কৰাৰ পৰিকল্পনা কৰিছে ৷ যাৰ বাবে দুপৰীয়াৰ আহাৰ গ্ৰহণৰ বিৰতিৰ সময়সূচীৰ সালসলনি কৰা হৈছে ।

লগতে পঢ়ক : ভাৰতৰ মুখ্য শক্তিৰ প্ৰতিচ্ছবি প্ৰক্ষেপণত নালন্দা বিশ্ববিদ্যালয় কিয় গুৰুত্বপূৰ্ণ - Nalanda University

যুটীয়া সঞ্চালকগৰাকীৰ মতে, এইটো কেৱল ছাত্ৰ-ছাত্ৰীৰ মংগলৰ বাবে । লগতে তেওঁ কয় যে সকলো শিক্ষককে পাঁচ মিনিট আগতে ছাত্ৰ-ছাত্ৰীক মুকলি কৰি দিবলৈ কোৱা হৈছে যাতে এই সময়ছোৱাত ছাত্ৰ-ছাত্ৰীসকলে পৰৱৰ্তী শ্ৰেণীৰ পূৰ্বে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিব পাৰে । আধা ঘণ্টাৰ দুপৰীয়াৰ আহাৰ গ্ৰহণৰ বিৰতি সূচীত ৰখাৰ প্ৰয়োজন নাই ।

কামনা সচদেৱৰ মতে DSEU ত ছিফ্টত ক্লাছ চলি থাকে আৰু প্ৰথম বেটচৰ ছাত্ৰ-ছাত্ৰীয়ে দুপৰীয়া ১:৩০ বজাৰ ভিতৰত ক্লাছ শেষ কৰে ৷ গতিকে তেওঁলোকক দুপৰীয়াৰ আহাৰ গ্ৰহণৰ বিৰতিৰ প্ৰয়োজন নহয় । কাৰণ ক্লাছৰ পাচত ঘৰলৈ গৈ খাদ্য খাব পাৰে ।

তেওঁ আৰু কয় যে সকলো স্নাতক বৰ্ষৰ ছাত্ৰ; স্কুলীয়া ছাত্ৰ নহয় ৷ যাক দুপৰীয়াৰ আহাৰ গ্ৰহণৰ বিৰতিৰ প্ৰয়োজন হ’ব । দুপৰীয়া ১:৩০ বজাত ক্লাছ শেষ হোৱা ছাত্ৰ-ছাত্ৰীসকলে ইতিমধ্যে ব্ৰেকফাষ্ট (পুৱাৰ আহাৰ গ্ৰহণ) কৰিয়ে আহে ।

উল্লেখ্য যে, দিল্লীত DSEU ৰ ২২টা কেম্পাছ আছে, য’ত লেফটেনেণ্ট গৱৰ্ণৰ ভি কে ছাক্সেনাই বিশ্ববিদ্যালয়খনৰ আচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে । এই বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক বি বি এ (Bachelor of Business Administration) ৰ দৰে পাঠ্যক্ৰম শিকোৱা হয় ।

লগতে পঢ়ক : মহাবিদ্যালয়ত বিনামূলীয়া নামভৰ্তি : শিক্ষাৰ্থীলৈ মুখ্যমন্ত্ৰীৰ বিশেষ বাৰ্তা - fee waiver funds to colleges

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.