বাৰণসী : শিৱৰাত্ৰিৰ নিশা এক বিশেষ বৰযাত্ৰী । ভস্ম আৰু তিলকেৰে সন্ন্যাসীসকলো গান গাই, নাচি নাচি আগবাঢ়ি গৈছিল । বিদেশী ভক্তও বৰযাত্ৰীৰ অংশ হৈছিল । মুঠতে বাৰাণসীত উখল মাখল পৰিৱেশ ।
আচলতে এই বিয়া আছিল বাবা বিশ্বনাথ আৰু মা পাৰ্বতীৰ । মহাশিৱৰাত্ৰিৰ বিশেষ পৰম্পৰা অনুসৰি বাবা বিশ্বনাথ দৰাৰ সাজত ৰথৰ ওপৰত আছিল । চাৰিওফালে হৰ-হৰ মহাদেৱৰ ধ্বনি শুনিবলৈ পোৱা গৈছিল । ইয়াৰ পূৰ্বে বাবা বিশ্বনাথক ৰাজকীয় পোছাকত সজ্জিত কৰা হয় ।
বাবাৰ প্ৰতিমাক দৰাৰ সাজেৰে সজোৱা হয় । মা পাৰ্বতীকো মথুৰাৰ পৰা অনা এক বিশেষ ৰঙা লেহেংগা পিন্ধোৱা হয় ।
- বিশেষ আৰতিৰ পিছত বাবাক ভোগ আগবঢ়োৱা হয় :
পণ্ডিত ভাচস্পতি তিৱাৰীয়ে টেড়ী নিমত অৱস্থিত প্ৰাক্তন মহন্তৰ বাসগৃহত ৩৫০ বছৰ পুৰণি পৰম্পৰা বজাই ৰাখি বাবা বিশ্বনাথ আৰু মা পাৰ্বতীৰ বিবাহ সম্পন্ন কৰে । এই উপলক্ষে প্ৰায় ৪০০ বছৰ পুৰণি স্ফটিক শিৱলিংগক প্ৰথমে পিতলৰ থালত ৰখা হয় আৰু সকলো দেৱতাক মন্ত্ৰৰ সৈতে ভগৱান শিৱৰ বিয়ালৈ আমন্ত্ৰণ জনোৱা হয় ।

তাৰ পিছত এক বিশেষ আৰতি পৰিৱেশন কৰা হয় আৰু বাবাক ফলৰ নৈবেদ্য আগবঢ়োৱা । এই উপলক্ষে মংগল বন্দনা গোৱা হয় । ইয়াৰ পিছত, মহাশিৱৰাত্ৰিৰ মহানিশা বাবা বিশ্বনাথৰ বিবাহ আৰম্ভ হয় ।

- ৫ কিঃমিঃ দূৰলৈ ভক্তৰ শাৰী :
মহাশিৱৰাত্ৰিত লাখ লাখ ভক্তই বাবা বিশ্বনাথৰ বিয়াত অংশগ্ৰহণ কৰিবলৈ আৰু তেওঁৰ আশীৰ্বাদ গ্ৰহণ কৰিবলৈ প্ৰায় ৫ কিলোমিটাৰ দীঘল শাৰীত থিয় হৈ থাকিল । পুৱাৰে পৰা মাজনিশালৈকে প্ৰায় ৯,০৭,৪৩৫ গৰাকী ভক্তই বাবাৰ দৰ্শন কৰে আৰু তেওঁৰ আশিস লয় ।

ইফালে বুধবাৰে নিশা ২ বজাত মংগলা আৰতিৰ পিছত বাবা বিশ্বনাথৰ দৰ্শন আৰম্ভ হয় আৰু বৃহস্পতিবাৰে নিশা ১ বজালৈকে নিৰৱচ্ছিন্নভাৱে অব্যাহত থাকে । পুৱা বিভিন্ন আখাড়াৰ সন্ন্যাসীয়ে শোভাযাত্ৰাৰ আয়োজন কৰে ।
সন্ন্যাসীসকলে বাবাৰ আশিস গ্ৰহণ কৰে । তাৰ পিছতে সাধাৰণ ভক্তসকলৰ বাবেও দুৱাৰ মুকলি কৰা হয় । ভক্তসকলে বাবা বিশ্বনাথৰ আশিস ল'বলৈ বিভিন্ন দুৱাৰেৰে মন্দিৰৰ চৌহদত প্ৰৱেশ কৰে । এই উপলক্ষে বাবা বিশ্বনাথৰ এক আকৰ্ষণীয় বৰযাত্ৰীও উলিওৱা হয় ।

প্ৰথমে বাবা মহাদেৱে দৰা হিচাপে বৰযাত্ৰীৰ সন্মুখত থাকে । তেওঁক অনুসৰণ কৰে বৰযাত্ৰীৰ আন আন লোকসকলে । এই বৰযাত্ৰী দৰ্শন কৰিবলৈ বহু লোকে ভিৰ কৰে ।
- নিশা ১.৩০ বজাৰ পৰা প্ৰথম প্ৰহৰৰ আৰতি :
মহাশিৱৰাত্ৰি উপলক্ষে পুৱা ১:৩০ বজাত বাবা বিশ্বনাথৰ দৰবাৰত প্ৰথম প্ৰহৰৰ আৰতি অনুষ্ঠিত হয় । বিভিন্ন ৰীতি-নীতিৰে বাবাক পূজা অৰ্চনা কৰা হয় । তাৰ পিছতে মহান আৰতি আৰম্ভ হয় । পৰৱৰ্তী সময়ত ভক্তসকলৰ বাবে মন্দিৰৰ দুৱাৰ পুনৰ মুকলি কৰা হয় ।