অসম

assam

ETV Bharat / videos

Road block at Baihata: ডাম্পাৰৰ দৌৰাত্ম্যৰ বিৰুদ্ধে মহিলাৰ তীব্ৰ প্ৰতিবাদ - Women protest demanding resolution of local problems

By

Published : Feb 26, 2022, 10:56 PM IST

Updated : Feb 3, 2023, 8:17 PM IST

কামৰূপৰ বাইহাটা ৰেলৱে ক্ৰছিঙৰ সমীপত পথ অৱৰোধ (Road block at Kamrup)। অৰ্ধ শতাধিক মহিলাই কমলপুৰ-মৰোৱা পথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । পথটোত চলা ডাম্পাৰৰ দৌৰাত্ম্য বন্ধ কৰা, বাইহাটাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কমলপুৰ বজাৰ চকলৈ নিৰ্মীয়মান পথটোৰ নিৰ্মাণকাৰ্য খৰতকীয়া কৰা আৰু পথটোত সৃষ্টি হোৱা ধুলিয়ৰি সমস্যাৰ সমাধান কৰাৰ দাবীত অঞ্চলটোৰ মহিলাসকলে এইদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । প্ৰতিবাদী মহিলাসকলৰ অভিযোগ অনুসৰি, অঞ্চলটোত অৱস্থিত উদ্যোগসমূহলৈ অহা গধুৰ বাহন আৰু ডাম্পাৰৰ দৌৰাত্ম্যই অঞ্চলবাসীক যমৰ যাতনা ভোগাইছে । সমান্তৰালভাৱে নিৰ্মীয়মান পথটোত সৃষ্টি হোৱা দুৰ্বিসহ ধূলিয়ৰি সমস্যা সমাধান কৰাৰ বাবে নিতৌ পথটোত পানী চটিওৱাৰ বাবেও দাবী উত্থাপন কৰে প্ৰতিবাদী মহিলাসকলে । কমলপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বীৰেন বৰুৱা আৰু ৰাজহ চক্ৰ বিষয়া পৰিক্ষীত ফুকন অৱৰোধস্থলীত উপস্থিত হৈ প্ৰতিবাদী মহিলাসকলৰ সৈতে আলোচনাত মিলিত হৈ সমস্যা সমাধানৰ আশ্বাস প্ৰদান কৰাত মহিলা সকলে অৱৰোধ কাৰ্যসূচী উঠাই লয় ।
Last Updated : Feb 3, 2023, 8:17 PM IST

ABOUT THE AUTHOR

...view details