অসম

assam

ETV Bharat / videos

Upcoming Municipal Election: পৌৰসভাৰ নিৰ্বাচনত কেনে ভূমিকা গ্ৰহণ কৰিব ধেমাজি নগৰবাসীয়ে ? - people of Dhemaji city

By

Published : Feb 13, 2022, 8:15 PM IST

Updated : Feb 3, 2023, 8:11 PM IST

যি সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বচ্চতাক এক মিছন হিচাপে লৈ “স্বচ্ছ ভাৰত অভিযান” আৰম্ভ কৰিছে সেই সময়তে ধেমাজি পৌৰসভাত চলিছে “অস্বচ্ছ ধেমাজি অভিযান” ৷ ধেমাজি পৌৰসভাৰ এলেকাৰৰ অধীনৰ নগৰৰ মাজমজিয়াত অৱস্থিত ১ নং ৱাৰ্ডটো এতিয়া পৰিণত হৈছে ডাম্পিং গ্ৰাউণ্ডলৈ ৷ আৱাসিক অঞ্চলটোৰ মাজমজিয়াত পৌৰসভাই নগৰখনৰ সমস্ত আৱৰ্জনা পেলোৱাৰ লগতে মৃত পশু-পক্ষীৰ শৱদেহ পেলোৱাৰ ফলত অঞ্চলটোৰ ৰাইজে এক পূতিগন্ধময় পৰিৱেশত জীৱন কটাব লগীয়া হৈছে (Cleanliness woes Dhemaji turns into garbage dumping ground) ৷ তাৰোপৰি অঞ্চলটোত থকা বজাৰখনত এক অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত অব্যাহত আছে বেচা-কিনা ৷ বছৰ বছৰ ধৰি বিভিন্ন দল সংগঠনকে ধৰি স্থানীয় ৰাইজে পৌৰসভা কৰ্তৃপক্ষক সেইস্থানত জাৱৰ নেপেলাবৰ বাবে আবেদন জনাই আহিছে ৷ কিন্তু ধেমাজি জিলা প্ৰশাসন তথা পৌৰসভা কৰ্তৃপক্ষই বিষয়টোক লৈ কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ প্ৰশ্ন হয়, ধেমাজি নগৰৰ এক নং ৱাৰ্ডৰ এই কদৰ্যময় পৰিবেশৰ কেতিয়ালৈ অন্ত পৰিব ? আগন্তুক পৌৰ সভাৰ নিৰ্বাচনত ৱাৰ্ডবাসীয়ে প্ৰতিনিধি নিৰ্বাচনৰ ক্ষেত্ৰত কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয় ৷
Last Updated : Feb 3, 2023, 8:11 PM IST

ABOUT THE AUTHOR

...view details