বৈদ্যুতিক অ'টো লৈ মাজুলীৰ আলিয়ে-গলিয়ে বাংগালুৰুৰ যুৱক
ইলেক্ট্ৰনিক অ'টো লৈ মাজুলীৰ আলিয়ে-গলিয়ে এজন যুৱক (Youth from Bengaluru country tour with electronic auto)৷ এইখন অ'টো লৈয়ে ভাৰত ভ্ৰমণ কৰিছে যুৱকজনে । লক্ষ্য গিনিছ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ড(Guinness World Records) ৷ এই যুৱকজনৰ নাম জ্যোতি ভিকনেজ ৷ ঘৰ বাংগালুৰুত ৷ বৰ্তমান যুৱকজনে ১০ হাজাৰ কিলোমিটাৰ শেষ কৰিছে । ভাৰতবৰ্ষৰ ১৪ খন ৰাজ্য ভ্ৰমণ কৰি মাজুলীত উপস্থিত হৈছে যুৱকজন । ইতিমধ্যে ভাৰতৰ বিভিন্ন ঠাই ভ্ৰমণৰ কেইবাটাও লক্ষ্য ঠিৰ কৰি লৈছে এই যুৱকজনে । দেশত প্ৰদূষণৰ মাত্ৰা দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে গতিকে প্ৰদূষণমুক্তভাৱেও যে ভ্ৰমণ কৰিব পাৰি তাৰেই এক নিদৰ্শন দাঙি ধৰিলে যুৱকজনে ৷