অসম

assam

ETV Bharat / videos

Job for sports person: কষ্ট কৰি খেলা যুৱক-যুৱতীক সংস্থাপনৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান প্ৰণিতা চুতীয়াৰ মাতৃৰ - Wushu player Pranita Chutia

By

Published : Aug 10, 2022, 12:32 PM IST

‘‘যুৱক-যুৱতী কিছুমানে কষ্ট কৰি খেল খেলে । খেলৰ বিনিময়ত তেওঁলোকক মেডেল আৰু চাৰ্টিফিকেটসমূহ দিয়ে । এই বিলাকে তেওঁলোকক উৎসাহিতহে কৰে । জীৱনৰ পিছৰ সময়চোৱা অতি কষ্টৰে পাৰ কৰিব লগা হয় । সেয়ে এই যুৱক-যুৱতী সকলক চৰকাৰে সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিব লাগে’’ । এই মন্তব্য কৰিছে আন্তঃৰাজ্যিক উশ্বু প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰা প্ৰণিতা চুতীয়াৰ মাতৃয়ে (Pranita Chutia wins bronze in wushu)৷ কিছুদিন পূৰ্বে আলফা স্বাধীনৰ সমৰ্থনত সামাজিক মাধ্যমত মন্তব্য কৰি কাৰাবাস খাটিব লগা হোৱা মৰাণৰ প্ৰণিতা চুতীয়াই জেলৰ পৰা ওলায়েই খেলত অংশ গ্ৰহণ কৰিছিল (Supporting ULFA on social media)। প্ৰণিতাৰ মাতৃৰ মুখ্যমন্ত্ৰীলৈ আহ্বান, খেলুৱৈ সকলৰ বাবে বিশেষ কোটা উলিয়াই তেওঁলোকক চৰকাৰী সংস্থাপন দিব লাগে । ইফালে ব্ৰঞ্জৰ পদক লাভ কৰি নিজ গৃহলৈ ঘূৰি অহা প্ৰণিতা চুতীয়াক আজি মৰাণত বিভিন্ন দল- সংগঠনে উষ্ম আদৰণি জনায় ।

ABOUT THE AUTHOR

...view details