অসম

assam

ETV Bharat / videos

World Breastfeeding Week: কলগাছিয়াত অংগনবাদী কৰ্মী আৰু সহায়িকাৰ বিশ্ব স্তনপান সপ্তাহ পালন - কলগাছিয়াত অঙ্গনৱাদী কৰ্মী আৰু সহায়িকাৰ বিশ্ব স্তনপান সপ্তাহ পালন

By

Published : Aug 5, 2022, 2:12 PM IST

ৰাজ্যজুৰি চলি আছে বিশ্ব স্তনপান সপ্তাহ(World Breastfeeding Week) । বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে মন্দিয়া সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত জনতা আৰু সোনাপুৰ ৰুভী গাঁও পঞ্চায়তৰ সমূহ অংগনবাদী কৰ্মী, সহায়িকাসকলে পালন কৰে বিশ্ব স্তনপান সপ্তাহ(World Breastfeeding Week observes in Barpeta) । জানিব পৰা মতে, বিশ্ব স্তনপান সপ্তাহ ২০২২ ৰ লগত সংগতি ৰাখি মহিলা আৰু শিশু কল্যাণ বিভাগৰ পৰা পুষ্টিহীনতা প্ৰতিৰোধৰ উদ্দেশ্যে এক নতুন পদক্ষেপ হাতত লোৱা হৈছে । এটা নৱজাতকৰ জন্মৰে পৰা আৰম্ভ কৰি এক ঘন্টাৰ ভিতৰতে মাতৃ দুগ্ধ পান কৰাটো অত্যন্ত জৰুৰী; কিয়নো মাতৃ দুগ্ধই শিশুটিক বিভিন্ন ৰোগ আৰু সংক্ৰমণৰ পৰা সুৰক্ষা দিয়ে । লগতে সকলোৱে ১ আগষ্টৰ পৰা ৭ আগষ্টলৈকে বিশ্ব স্তনপান সপ্তাহ পালন কৰি প্ৰতিগৰাকী মাতৃক জগাই তোলাৰ বাবে সকলোকে আহ্বান জনায় ।

For All Latest Updates

ABOUT THE AUTHOR

...view details