অসম

assam

ETV Bharat / videos

বাগিচাৰ নলাত পৰি সোণাৰিৰ ৰতনপুৰ চাহ বাগিচাত শ্ৰমিকৰ মৃত্যু - ৰতনপুৰ চাহ বাগিচা

By

Published : Jul 5, 2022, 7:26 PM IST

হঠাৎ হুৱা-দুৱা লাগিল চৰাইদেউ সোণাৰিৰ ৰতনপুৰ চাহ বাগিচাত । চাহ বাগিচাৰ নলাত পৰি এজন শ্ৰমিকৰ মৃত্যু হোৱাৰ পাচতেই বাগিচাৰ শ্ৰমিকসকলৰ মাজত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ (Warm Situation at Ratanapur tea estate of Sonari)৷ ঘটনাৰ বিৱৰণি অনুসৰি, সোমবাৰৰ বিয়লিৰ পৰা নিৰুদ্দেশ হৈছিল বাগিচাখনৰ সুন্ধৰু প্ৰজা নামৰ এজন শ্ৰমিক । পৰৱৰ্তী সময়ত শ্ৰমিকজনক বিচাৰ-খোচাৰ কৰা হয় যদিও বিচাৰি পোৱা নগ’ল সুন্ধৰু প্ৰজাক৷ অৱশেষত মঙলবাৰে বাগিচাখনৰ এটা নলাত উদ্ধাৰ হয় শ্ৰমিকজনৰ মৃতদেহ (Worker dies after falling into sewer in Ratanpur tea garden) । উল্লেখ্য যে, ৰতনপুৰ চাহ বাগিচা কৰ্তৃপক্ষই পানী ওলাই যোৱাৰ বাবে ভজোৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ সমীপতে থকা বাগিচাৰ সীমাত কিছুদিন পূৰ্বে এটা বৃহৎ নলা খান্দিছিল৷ কিন্তু নলাটো উন্মোক্তভাৱে ৰখাৰ বাবেই এই শোকাৱহ ঘটনাটো সংঘটিত হ’বলৈ পালে বুলি উল্লেখ কৰি বাগান কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে বাগানৰ শ্ৰমিকসকল ।

ABOUT THE AUTHOR

...view details