অসম

assam

বেঁকী নৈত উপঙি থকা অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ

By

Published : Aug 25, 2022, 11:01 PM IST

বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত সোনাপুৰ পাৰঘাটত উদ্ধাৰ এগৰাকী অচিনাক্ত মহিলাৰ মৃতদেহ (Women Body Recoverd from beki river) ৷ জানিব পৰা মতে, স্থানীয় ৰাইজে ৰাতিপুৱা মৃতদেহটো বেঁকী নৈত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে । পিছত ৰাইজে বালিকুৰি আৰক্ষীক খবৰ দিয়ে ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে বৰপেটা ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজলৈ । উল্লেখ্য যে, শিকলিৰে বান্ধি থোৱা অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো । অৱশ্যে, কি কাৰণত মহিলাগৰাকীৰ মৃত্যু হৈছে সেয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব ।

ABOUT THE AUTHOR

...view details