অসম

assam

ETV Bharat / videos

জোনাইত দুসপ্তাহে নিখোজ হৈ আছে দুটি সন্তানৰ এগৰাকী মাতৃ - জোনাই আৰক্ষী থানা

By

Published : Aug 16, 2022, 8:46 PM IST

জোনাইত দুটি সন্তানৰ এগৰাকী মাতৃ নিৰুদ্দেশ হৈ থকা ঘটনাই পৰিয়ালটোক উদ্বিগ্ন কৰি তুলিছে (woman missing in jonai)। ঘটনাৰ বিৱৰণী মতে জোনাই আৰক্ষী থানাৰ অন্তৰ্গত ২নং মূৰ্কংচেলেকৰ ৰেলৱে ক'লনীৰ আলতাৱ আলিৰ পত্নী বুল সোনোৱাল(৩০)য়ে যোৱা ৫ আগষ্টৰ দিনা নিজৰ দুটি সন্তানক ঘৰতে এৰি ৰাজাখানাস্থিত মাকৰ ঘৰলৈ ধান চাফা কৰিবলৈ যাম বুলি ঘৰৰ পৰা ওলাই গৈছিল । ইয়াৰ এদিনৰ পিছতো মহিলাগৰাকী ঘৰলৈ ওভতি নহাত স্বামী আৰু পৰিয়ালৰ লোকে জোনাইৰ ৰাজাখানাস্থিত মহিলাগৰাকীৰ পিতৃগৃহত খবৰ কৰাত তেও ঘৰলৈ যোৱা নাই বুলি জানিব পাৰে ৷ ইয়াৰ পাছতে স্বামী তথা পৰিয়ালৰ লোকে জোনাই আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ৷ ইফালে স্বামী তথা পৰিয়ালৰ লোকসকলে আত্মীয়ৰ ঘৰতো বিচাৰ খোচাৰ কৰিছে যদিও আজি পৰ্যন্ত মহিলাগৰাকীৰ কোনো সন্ধান উলিয়াব পৰা নাই । স্বামী আলতাৱ আলিয়ে সংবাদ মাধ্যমৰ জৰিয়তে পত্নীক ঘৰলৈ ঘূৰি আহিবলৈ কাতৰ অনুৰোধ জনোৱাৰ লগতে কেনো ব্যক্তিয়ে তেওঁৰ পত্নীৰ সন্ধান পালে 99579 48610 অথবা 99574 60879 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে ।

ABOUT THE AUTHOR

...view details