চিমেন চাপৰিত চলন্ত ৰে’লৰ পৰা নমোতে আঘাতপ্ৰাপ্ত এগৰাকী মহিলা - চলন্ত ৰে’লৰ পৰা নমোতেই আঘাতপ্ৰাপ্ত এগৰাকী মহিলা
জোনাইৰ চিমেন চাপৰিত ৰে’ল ষ্টেচনত অঘটন ৷ চলন্ত ৰে’লৰ পৰা নামিবলৈ চেষ্টা কৰাৰ সময়তে দুৰ্ঘটনাত পতিত হয় এগৰাকী মহিলা (Woman injured while getting off moving train) ৷ ফলত গুৰুতৰভাৱে আহত হয় মহিলাগৰাকী (Train accident at Jonai) ৷ দুৰ্ঘটনাগ্ৰস্ত হোৱা মহিলাগৰাকী লখিমপুৰৰ বীৰবাহাদুৰ ৰয়ৰ পত্নী তুলসী ৰয় বুলি জানিব পৰা গৈছে ৷ বৃহস্পতিবাৰে বিয়লি প্ৰায় 3:40 বজাত সংঘটিত হোৱা এই ঘটনাৰ বিষয়ে সদৰী কৰে ৰে’লৱে আৰক্ষীয়ে ৷