খাদ্যৰ অভাৱত ভৰাগুৰিৰ জনাঞ্চলত বন্যহস্তীৰ মুক্ত বিচৰণ - wild elephant free roaming in the public areas
বনাঞ্চলত খাদ্য সংকটত পৰি দীৰ্ঘদিনে শিঙিয়া-ভৰাগুৰি অঞ্চলত আহি থিতাপি লৈছে এটা বন্যহস্তীয়ে ৷ শেহতীয়াকৈ নগাঁও জিলাৰ চামগুৰিৰ ভৰাগুৰিত ৰাইজে প্ৰত্যক্ষ কৰিছে এই বন্যহস্তীটোক ৷ প্ৰায় এসপ্তাহ ধৰি ভৰাগুৰিৰ পামগাঁৱৰ পল' ফাৰ্মত অৱস্থান কৰিছে এই আঘাতপ্ৰাপ্ত বন্যহস্তীটোৱে ৷ কোনো অজ্ঞাত কাৰণত আগঠেঙত আঘাতপ্ৰাপ্ত হোৱাৰ বাবে হাতীটোৱে ভালকৈ খোজকাঢ়িব অথবা দৌৰিব পৰা নাই বুলি জনাইছে স্থানীয় একাংশ লোকে ৷ যাৰ বাবে দিন-দুপৰতে জনবহুল অঞ্চলটোত মুক্ত বিচৰণ কৰা দেখা যায় বনৰীয়া হাতীটোক ৷ ইফালে আঘাতপ্ৰাপ্ত হোৱাৰ হেতুকে কাৰ্বি পাহাৰ তথা বনাঞ্চললৈ উভতি যাব নোৱাৰা হাতীটোৱে নিশাৰ ভাগত জনাঞ্চলত প্ৰৱেশ কৰি উপদ্ৰৱ চলোৱাৰ লগতে বিনষ্ট কৰে অঞ্চলটোৰ কৃষিভূমি ৷ যাৰ বাবে আতংকত দিন কটাইছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে ৷ আঘাতপ্ৰাপ্ত বন্যহস্তীটোৰ চিকিৎসা তথা তদাৰকৰ ক্ষেত্ৰত বন বিভাগে সময় থাকোতেই বিহিত ব্যবস্থা নল'লে পৰৱৰ্তী সময়ত যে বিষয়টো অধিক জটিল হৈ পৰিব, তাক কোনো কাৰণতে নুই কৰিব নোৱাৰি ৷