অসম

assam

মৰাণত পত্নীৰ কুঠাৰৰ ঘাপত প্ৰাণ গ'ল স্বামীৰ

By

Published : Jun 3, 2022, 5:42 PM IST

মৰাণত চাঞ্চল্যকৰ হত্যাকাণ্ড । পত্নীয়ে কুঠাৰেৰে ঘপিয়াই হত্যা কৰিলে স্বামীক । মৰাণ থানাৰ অন্তৰ্গত টিখৰাই চাহ বাগিচাৰ ৯ নম্বৰ লাইনত সংঘটিত হৈছে এই ঘটনা । পাৰিবাৰিক কন্দলৰ পৰিণতিত এগৰাকী মহিলাই কুঠাৰে ঘপিয়াই হত্যা কৰে স্বামীক (wife killed husband with an axe in Moran)। দুটি সন্তানৰ পিতৃ লক্ষীৰাম প্ৰজাৰ মৃতদেহ ইতিমধ্যে আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰিছে । হত্যাকাৰী পত্নীক আৰক্ষীয়ে কুঠাখনৰ সৈতে আটক কৰিছে (wife killed husband)। দীৰ্ঘ দিনৰ পৰা দুয়ো স্বামী-স্ত্ৰীৰ মাজত কন্দল চলি আছিল বুলি জানিব পৰা গৈছে ।

ABOUT THE AUTHOR

...view details