অসম

assam

Unidentified decomposed body recovered: গৌৰীসাগৰৰ দিছিয়াল চিৰপুৰিয়া ঘাটত অচিনাক্ত মৃতদেহ উদ্ধাৰ

By

Published : Jul 17, 2022, 9:13 PM IST

শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ দিছিয়াল চিৰপুৰিয়া ঘাটত দেওবাৰে এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হয় (Unidentified decomposed body recovered in Sivasagar) । গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত দিখৌ নৈত উটি অহা অৱস্থাত গৌৰীসাগৰ আৰক্ষীয়ে স্থানীয় লোকৰ সহযোগত উদ্ধাৰ কৰে মৃতদেহটো (Body recovered at Dikhow River) ৷ মৃতদেহটোৰ শৰীৰত পৰিধান কৰা সাজ-পাৰলৈ লক্ষ্য কৰি মৃতদেহটো পুৰুষৰ বুলি ধাৰণা কৰা হৈছে ৷ যদিও এই পৰ্যন্ত চিনাক্ত কৰিব পৰা নাই মৃতদেহটো ৷ উল্লেখ্য যে, বিগত ১৪ দিনৰ আগতে দিখৌমুখ ৰঘুবাৰীত ওলোৱা মৃতদেহৰ চাঞ্চল্য মাৰ নাযাওঁতে এইদৰে পুনৰ অচিনাক্ত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সম্প্ৰতি চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত ।

ABOUT THE AUTHOR

...view details