অসম

assam

ETV Bharat / videos

কঠিয়াতলীত দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট ; আহত ৯ - কঠিয়াতলীৰ বুকলুঙত দুটা ফৈদৰ মাজত সংঘটিত মাৰপিট

By

Published : May 4, 2022, 1:34 PM IST

নগাঁৱৰ কঠিয়াতলীৰ বুকলুঙত দুটা ফৈদৰ মাজত সংঘটিত হৈছে এক প্ৰচণ্ড মাৰপিটৰ ঘটনা । এগৰাকী ন-বোৱাৰীক ফটো উঠোৱাক কেন্দ্ৰ কৰি দুটা ফৈদৰ মাজত তুমুল মাৰপিট সংঘটিত হয় ঈদৰ সন্ধিয়া । গিয়াচুদ্দিন নামৰ এজন লোকে এগৰাকী ন-বোৱাৰীক ফটো তুলিবলৈ লোৱাত বোৱাৰী গৰাকীৰ পৰিয়ালৰ লোকে গিয়াচুদ্দিনক বাধা দিয়াৰ লগতে তৰ্ক-বিতৰ্কত লিপ্ত হৈ উভতি যায় ৷ কিন্তু ইয়াৰ পিচতে পুনৰ গিয়াচুদ্দিনে প্ৰায় ৩০ জন মান লোকক লগত লৈ বোৱাৰী গৰাকীৰ পৰিয়ালক মাৰপিট কৰি বাসগৃহ ভঙাৰ লগতে ঘৰটোত অগ্নিসংযোগ কৰে ((Two groups clash over taking pictures of new bride) ৷ এই ঘটনাত ৯জন লোক আহত হয় । আহত কেইজন ক্ৰমে আব্দুল চালাম, ৰস্তুম আলি, তাহেৰ আলি, আতাবুৰ ইছলাম, ৰবিনা খাতুন, ৰমজান আলি, জাহেদা খাতুন, ৰাছিদা খাতুন আৰু জাকিৰ হোছেইন । আটাইকেইজনকে বৰ্তমান উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হৈছে ।

ABOUT THE AUTHOR

...view details