বৰপেটাৰোড আৰক্ষীৰ জালত ড্ৰাগছসহ সৰবৰাহকাৰী - Assam Police against drugs
ড্ৰাগছৰ বিৰুদ্ধে অবিৰত অভিযান অসম আৰক্ষীৰ(Assam Police against drugs) । প্ৰতিদিনেই অভিযান চলাই জব্দ কৰিছে বৃহৎ পৰিমাণৰ ড্ৰাগছ । জালত পেলাইছে ড্ৰাগছ সৰবৰাহকাৰী । সোমবাৰে সন্ধিয়াও বৰপেটাৰোড আৰক্ষীয়ে চলাই অভিযান(Campaign against drugs at Barpetaroad) । অভিযানত জালত পৰে বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এজন যুৱক । আটকাধীন যুৱকজন বাঘবৰৰ ছানিদুল মণ্ডল বুলি জানিব পৰা গৈছে । আৰক্ষীয়ে ছানিদুল মণ্ডলৰ পৰা ২৩ টা ড্ৰাগছভৰ্তি কন্টেনাৰ আৰু নগদ ১৫ হাজাৰ টকা জব্দ কৰে । সম্প্ৰতি আৰক্ষীয়ে যুৱকজনক সোধাপোছা অব্যাহত ৰাখিছে ।
TAGGED:
Assam Police against drugs