অসম

assam

ETV Bharat / videos

ৰখাই থোৱা স্থানৰ পৰা ট্ৰাকখন কোনে লৈ গ’ল ?

By

Published : Jan 4, 2022, 3:32 PM IST

মহানগৰীত পুনৰ সক্ৰিয় হৈ পৰিছে গাড়ী চুৰি চক্ৰ (Vehicle theft racket in Guwahati) । আৰক্ষীৰ নিছিদ্ৰ তালাচি তথা তহলদাৰীৰ মাজতে গাড়ী চুৰি চক্ৰৰ কবলত পৰিছে এখন ট্ৰাক । মঙলবাৰে পুৱতি নিশা নুনমাটি বি জি য়াৰ্ডৰ পৰা চুৰি ট্ৰাকখন (Truck stolen from BG yard Guwahati ) । AS 01 AC 2067 নম্বৰৰ ট্ৰাকখনৰ গৰাকী নাৰেংগীৰ লুটফৰ ৰহমান বুলি জানিব পৰা গৈছে । জানিব পৰা মতে, সোমবাৰে নিশাৰ ভাগত ট্ৰাকখনৰ চালক জনে নুনমাটিৰ BG য়াৰ্ডত ট্ৰাকখন ৰখাই ঘৰলৈ যায় । কিন্তু বুধবাৰে পুৱাৰ ভাগত ট্ৰাকখন উক্ত স্থানত নেদেখি ওচৰে পাজৰে খবৰ কৰে যদিও কোনো খবৰ নোপোৱাত চুৰি হোৱাটো নিশ্চিত হয় । পিছত ট্ৰাকখনৰ গৰাকীয়ে এই ঘটনা সন্দৰ্ভত নুনমাটি আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে । আৰক্ষীও গাড়ী চুৰি হোৱা ঘটনা সন্দৰ্ভত এক গোচৰ ৰজু কৰি তদন্ত আৰম্ভ কৰিছে যদিও এতিয়াও চুৰি হোৱা ট্ৰাকৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই নুনমাটি আৰক্ষী ।

ABOUT THE AUTHOR

...view details