ইন্ধনৰ মূল্যবৃদ্ধিক লৈ টেন্সপ’ৰ্টাৰছ এছ’চিয়েশ্বনৰ প্ৰতিবাদ
উত্তৰ গুৱাহাটীৰ গেছ বটলিং প্লাণ্টত টেন্সপ’ৰ্টাৰছ এছ’চিয়েশ্বনৰ ধৰ্মঘট । উল্লেখ্য যে, ৰাজ্যত ৰন্ধন গেছৰ নাটনিয়ে দেখা দিয়াৰ আশংকা প্ৰকট পৰিছে । কেইবা শতাধিক ট্ৰেংকাৰ, ট্ৰাক আৱদ্ধ হৈ পৰিছে বটলিং প্লাণ্টত । অনিৰ্দিষ্টকালীন ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিব নৰ্থ ইষ্ট পেক্ট এলপিজি টেন্সপ’ৰ্টাৰছ এছ’চিয়েশ্বনে । উত্তৰ-পূবৰ সকলো বটলিং প্লাণ্টৰ ৰন্ধন গেছৰ চিলিণ্ডাৰ সৰবৰাহ কৰাৰ পৰা বন্ধ ৰাখিছে সংগঠনটোৱে । কৰ’ণা মহামাৰীৰ সময়ত নিবিদা প্ৰদান কৰা আৰু পূৰ্বতকৈ নিবিদাৰ ধন কমাই দিয়াৰ বাবে এই প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ৷ অইল ইণ্ডিয়াই তেওঁলোকৰ দাবীৰ প্ৰতি সঁহাৰি নজনালে এই প্ৰতিবাদ দীঘলীয়া হোৱাৰ হুংকাৰ প্ৰদান কৰে টেন্সপ’ৰ্টাৰছ এছ’চিয়েশ্বনে ৷