এফালে প্ৰবল বান : তাৰ মাজতে কুইন্টলে কুইন্টলে মাছ ধৰিছে জনীয়াৰ একাংশ ৰাইজে - মাছ মৰা উৎসৱ
চাৰিওফালে বানে বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰাৰ সময়তে কলগাছিয়াৰ জনীয়াত ৰাইজে একগোট হৈ কুইণ্টলে কুইণ্টলে ধৰিলে মাছ(Traditional community fishing at Kalgachia in Barpeta) ৷ হাতে হাতে জাকৈ-খালৈ, জুলুকী, জাল, প’ল লৈ জনীয়াত গাঁৱৰ ৰাইজে এই সমূহীয়া মাছ মৰা উৎসৱত অংশ লৈ মাছ ধৰে । সমূহীয়া মাছ মৰা পৰ্ব উপলক্ষে ৰাইজৰ মাজত এক উদুলি-মুদুলি পৰিৱেশৰ সৃষ্টি হয় । বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ৰাইজে মাছ ধৰা উৎসৱত অংশ লৈ প্ৰাণ খুলি আনন্দ উপভোগ কৰে ।