অসম

assam

ETV Bharat / videos

Traditional boating competition: বেঁকী নদীত আয়োজন পৰম্পৰাগত নাও খেল প্ৰতিযোগিতা - Traditional boating competition on Beki River

By

Published : Jul 27, 2022, 2:15 PM IST

বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত কৈমাৰী গাঁৱৰ বেঁকী নৈত কৈমাৰী চৰ উন্নয়ন নামৰ এটা বেচৰকাৰী সংস্থাৰ উদ্যোগত আয়োজন কৰা হয় পৰম্পৰাগত "নাও খেল" প্ৰতিযোগিতা (Traditional boating competition on Beki River)। নাও খেল চাবলৈ জন সমূদ্ৰত পৰিণত হয় বেঁকী নৈৰ পাৰ । নাও খেল প্ৰতিযোগিতাত বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মুঠ বাৰটাকৈ দলে অংশগ্ৰহণ কৰে । খেলৰ অন্তত প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰে ক্ৰমে মা তুজে ছালাম আৰু হাচিনা নামৰ দুটি দলে । খেলখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি খেল উপভোগ কৰে বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদ, গোবিন্দপুৰ গাঁও পঞ্চায়তৰ সভাপতি জাফৰ আলী, বৰপেটা জিলাৰ প্ৰাক্তন চি চি মজিবৰ ৰহমান খানকে আদি কৰি ভালেসংখ্যক গণ্য মান্য ব্যাক্তি ।

ABOUT THE AUTHOR

...view details