বৰ্ধিত বিদ্যুৎ নিৰিখ প্ৰত্যাহাৰৰ দাবী ৰিপুণ বৰাৰ - withdrawal of increased electricity tariffs
শেহতীয়াকৈ বিদ্যুৎ মাচুলৰ অস্বাভাৱিক বৃদ্ধিৰে অসমৰ জনতাক হাৰাশাস্তি কৰা সন্দৰ্ভত শুক্ৰবাৰে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই(Ripun Borah on electricity tariffs hike) । ইতিমধ্যে নিত্যব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিত বিপৰ্যস্ত জনতাক মাধমাৰ শোধাই বিদ্যুৎ মাচুল বৃদ্ধি কৰাটো অগণতান্ত্ৰিক আৰু অমানৱীয় বুলি অভিহিত কৰিছে সভাপতি ৰিপুণ বৰাই । বৰাই লগতে এই ক্ষেত্ৰত শেহতীয়াকৈ বিদ্যুৎ বিভাগে গ্ৰাহকৰ ঘৰত স্মাৰ্ট মিটাৰ সংস্থাপনৰ পাছতে বিদ্যুতৰ বিল বৃদ্ধি পোৱা বুলি অভিযোগ কৰে(Assam Power Distribution Company Limited) । তেওঁ কয় যে বিভিন্ন সামগ্ৰীৰ উৰ্ধগামী মূল্যবৃদ্ধিত ইতিমধ্যে বিপৰ্যস্ত জনতাক গেলাতে টেঙা দি শেহতীয়াকৈ অস্বাভাৱিক হাৰত বৰ্ধিত বিদ্যুতৰ মাচুলেৰে হাৰাশাস্তি কৰা হৈছে(TMC leader Ripun Bora) । পূৰ্বে কোনো জাননী নিদিয়াকৈ এইদৰে তিনি চাৰিগুণ পৰ্যন্ত মাচুল বৃদ্ধি কৰাটো সম্পূৰ্ণৰূপে অগণতান্ত্ৰিক আৰু অমানৱীয় আখ্যা দিয়ে বৰাই ।