International Sports Competition in Goa : সোণৰ পদক কঢ়িয়ালে বিলাসীপাৰাৰ 3 খেলুৱৈয়ে - three players from Bilasipara won gold medal at Goa
গোৱাত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা(International Sports Competition in Goa)ত বিলাসীপাৰাৰ তিনিজন কিশোৰে সোণৰ পদক আঁজুৰি আনিবলৈ সক্ষম হৈছে(three players from Bilasipara won gold medal at Goa)। ইয়াৰ পাছতে চহৰখনৰ ভদ্ৰকালী মন্দিৰ প্ৰাংগণত সোণৰ পদক প্ৰাপ্ত কিশোৰকেইজনক বিভিন্ন দল-সংগঠনে সম্বৰ্ধনা জ্ঞাপন কৰে । বিগত ২৭-২৮ নৱেম্বৰত "ফিড ইণ্ডিয়া মিনিষ্ট্ৰি অৱ য়ুথ" ৰ উদ্যোগত গোৱাত আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল । প্ৰায় ২৮ খন ৰাজ্যৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনত অসমৰ হৈ বিলাসীপাৰাৰ ক্ৰমে যুৱৰাজ ৰায়, ধ্ৰুৱজ্যোতি নাথ (টাইকোৱাণ্ডো) আৰু অনুজ কুমাৰ দাসে ১০০ মিটাৰ দৌৰত অংশগ্ৰহণ কৰি সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় । কিশোৰ তিনিজনে ভৱিষ্যতে অলিম্পিকত অংশগ্ৰহণ কৰাৰ পৰিকল্পনা কৰিছে ৷