নিশা লংকাৰ গুৰুদ্বাৰত চোৰৰ লুটপাত - Theft at Gurdwara
হোজাই জিলাত দিনক দিনে বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ(Thefts on the rise in Hojai) । এইবাৰ ধৰ্মীয় স্থানসমূহো হৈ পৰিছে চোৰৰ টাৰ্গেট (Theft at Hojai) । হোজাই জিলাৰ লংকাস্থিত গুৰুদ্বাৰত নিশা চোৰে চলালে চাফাই অভিযান(Theft at Gurdwara) । চোৰে লুটি নিলে নগদ ৪৫ হাজাৰ টকা আৰু বহু মূল্যবান সা-সামগ্ৰী । লগতে শিখ ধৰ্মৰ পুথি গ্ৰন্থচাহেব ৰখা কোঠালিত চোৰে প্ৰবেশ কৰি CCTV ভাঙি ধৰ্মপুথিৰ লগতে কোঠালিৰ সকলো আচবাব লণ্ড ভণ্ড কৰে বুলি জানিব পৰা গৈছে । উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও লংকাৰ এই গুৰুদ্বাৰত পাঁচবাৰকৈ চোৰে চলাইছিল চাফাই অভিযান । কিন্তু আজি পৰ্যন্ত চেৰক কৰায়ত্ত কৰাত লংকা আৰক্ষী ব্যৰ্থ হোৱা বুলি গুৰুদুৱাৰৰ পৰিচালনা কমিটিয়ে অভিযোগ উত্থাপিত কৰিছে । ইতিমধ্য়ে ঘটনাস্থলীত লংকা আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।
Last Updated : Sep 30, 2022, 2:19 PM IST