হোজাইৰ কাকীত আৰক্ষীৰ জালত গভাইত চোৰ - Thief arrested in Hojai
হোজাই জিলাৰ কাকীত নিশা আৰক্ষীৰ অভিযানত জালত পৰে এটা গভাইত চোৰ(Thief arrested in Hojai) । নিশা কাকী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিজয় কৃষ্ণ দাসৰ নেতৃত্বত চলা অভিযানত আটক কৰা হয় চোৰটোক । কাকী তেলিআটী হস্ততাত বয়ন শিল্পৰ প্ৰশিক্ষণ কেন্দ্ৰত তলা ভাঙি চুৰিকাণ্ড সংঘটিত কৰিবলৈ ধৰাৰ সময়তে ৰাইজৰ সহযোগত আটক কৰা হয় চোৰটোক । আটকাধীন চোৰটোৰ নাম ৰাজকুমাৰ দাস । ধৃত চোৰটোৰ পৰা তলা ভঙা সামগ্ৰীকে ধৰি বহু আপত্তিজনক সামগ্ৰী জব্দ কৰে আৰক্ষীয়ে ।