অসম

assam

ETV Bharat / videos

পথৰ দূৰৱস্থাই দুৰ্ভোগ ভুগাইছে টীয়কবাসীক - road under water news

By

Published : Jun 9, 2021, 6:26 PM IST

টীয়কৰ এটা গুৰুত্বপূৰ্ণ পথৰ দূৰৱস্থা ৷ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অমনোযোগিতাৰ বাবে বিধস্ত হৈ পৰিছে পথটি । টীয়কৰ চিকিৎসালয় পথৰ সোঁমাজতে থকা টীয়ক নগৰৰ পানী যোগান আঁচনিৰ এডাল পাইপ ফাটি গৈছিল এবছৰ পূৰ্বে ৷ যাৰ বাবে বৰষুণ নিদিলেও পথটিৰ অৱস্থা শোচনীয় হৈ পৰে ৷ ইপিনে, অঞ্চলবাসীয়ে পথটি মেৰামতিৰ বাবে জনস্বাস্থ্য কাৰিকৰী বিভাগক বহুবাৰ আবেদন জনাইছে যদিও কোনো গুৰুত্ব প্ৰদান নকৰিলে বিভাগটোৱে । লোকনিৰ্মাণ বিভাগৰ দ্বাৰাও পাইপ ডাল মেৰামতি বাবে জনস্বাস্থ্য কাৰিকৰী বিভাগক জনোৱা হৈছিল যদিও আজি পৰ্যন্ত ইয়াৰ মেৰামতি নহ'ল । যাৰ ফলত ফটা পাইপেৰে পানী নিৰ্গত হৈ পথ চোৱা বিধস্ত হৈ পৰিছে । অঞ্চলটোত তিনিখনকৈ বিদ্যালয় আছে যদিও প্ৰায়ে বিদ্যালয়লৈ যাব নোৱাৰে ছাত্ৰ-ছাত্ৰীসকলে ৷

ABOUT THE AUTHOR

...view details