অৰুণাচলৰ পৰা উদ্ধাৰ কলিয়াবৰৰ নিৰুদ্দেশ হোৱা কিশোৰ-কিশোৰী - দিৰাং আৰক্ষী চকী
বহিঃৰাজ্যত উদ্ধাৰ কলিয়াবৰৰ পৰা নিৰুদ্দেশ হোৱা তিনি কিশোৰ-কিশোৰী ৷ বুধবাৰে চুলুং আৰক্ষীয়ে অৰুণাচলৰ দিৰাং আৰক্ষী চকী এলেকাৰ পৰা উদ্ধাৰ কৰে নিৰুদ্দেশ হোৱা দুই কিশোৰীসহ এটি কিশোৰক (Teenagers missing from Kaliabor rescued ) ৷ বিগত এমাহ ধৰি নিৰুদ্দেশ হৈ আছিল এই তিনিগৰাকী কিশোৰ-কিশোৰী ৷ ঘৰুৱা সমস্যাৰ বাবেই তিনিওকে অৰুণাচললৈ লৈ যোৱা বুলি আৰক্ষীৰ আগত অৱগত কৰে ৷ অৱশ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷
TAGGED:
দিৰাং আৰক্ষী চকী