অসম

assam

ETV Bharat / videos

নগাঁৱত টীম ৰাইডাৰৰ সফলতা: মহিলাসহ আটক ড্ৰাগছ ব্যৱসায়ী - ড্ৰাগছ

By

Published : May 27, 2021, 6:41 PM IST

দীৰ্ঘদিনে নগাঁৱত চলি অহা ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ ব্যাপক অভিযান ৷ ড্ৰাগছৰ কৱলৰ পৰা নগাঁৱক উদ্ধাৰ কৰাৰ উদ্দেশ্যে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই গঠন কৰি দিয়া ৰাইডাৰ টীমেও লাভ কৰিছে সফলতা ৷ বৃহস্পতিবাৰে চিলংনী আমতলা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সন্মুখত টীম ৰাইডাৰে অভিযান চলাই বুজন পৰিমাণৰ সন্দেহজনক ড্ৰাগছ জব্দ কৰাৰ লগতে এগৰাকী মহিলাসহ পাঁচ জন ড্ৰাগছ ব্যাৱসায়ীক আটক কৰে আৰক্ষীয়ে ৷ ড্ৰাগছ ব্যাৱসায়ী কেইজনৰ পৰা কেইবাহাজাৰ টকাও জব্দ কৰিবলৈ সক্ষম হয় টীমটোৱে ৷ ধৃত ড্ৰাগছ ব্যৱসায়ীকেইজনৰ নাম ক্ৰমে বানেচা খাতুন, এমৰাজুল ইছলাম, আশাদুল ইছলামফজৰ আলী, চফিকুল ইছলাম বুজি জানিব পৰা গৈছে।

ABOUT THE AUTHOR

...view details