জনজাতিকৰণৰ নামত টাই আহোমসকলক চৰকাৰে প্ৰতাৰণা কৰিছে: টাই আহোম যুৱ পৰিষদ - টাই আহোম যুৱ পৰিষদ
ৰাইচ কুকাৰ গেছ আদি বিতৰণ কৰি টাই আহোম সকলক প্ৰতাৰণা কৰি আহিছে চৰকাৰে । ইয়াৰ পৰিবৰ্তে টাই আহোমসকলক জনজাতিকৰণ কৰিবলৈ দাবী জনাইছে টাই আহোম যুৱ পৰিষদ অসমৰ কেন্দ্ৰীয় সমিতিয়ে (Tai Ahom Yuba Parishad Assam)। শনিবাৰে টাই আহোম যুৱ পৰিষদ অসমৰ কেন্দ্ৰীয় সভাপতি বিজয় ৰাজকোঁৱৰে অতি শীঘ্ৰেই টাই আহোমসকলক জনজাতিকৰণ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে(TAYPA Central Committee demands for ST status) ৷ আনহাতে কেন্দ্ৰীয় সমিতিৰ সভাপতিগৰাকীয়ে বজাৰৰ পৰা হাট খোৱা ব্যৱস্থা ৩ৰ পৰা ৪ মাহৰ বাবে আঁতৰ কৰাৰো দাবী উত্থাপন কৰে । বজাৰৰ শাক-পাচলিৰ মূল্যবৃদ্ধিৰ বাবেই এই দাবী উত্থাপন কৰে টাই আহোম যুৱ পৰিষদ অসমৰ সভাপতি বিজয় ৰাজকোঁৱৰে । পুনৰ শাক পাচলিৰ মূল্য নিয়ন্ত্ৰণত আহিলেহে হাট খোৱা ব্যৱস্থা প্ৰচলন কৰিবলৈ চৰকাৰক আহ্বান জনায় বিজয় ৰাজকোঁৱৰে ।