Summer workshop: কলিয়াবৰত শংকৰী সংগীতৰ গ্ৰীষ্মকালীন কৰ্মশালাৰ সফল সামৰণি - কলিয়াবৰত শংকৰী সংগীতৰ গ্ৰীষ্মকালীন কৰ্মশালাৰ সফল সামৰণি
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কলিয়াবৰ জিলা শাখাৰ সংস্কৃতি শাখাৰ উদ্যোগত অনুষ্ঠিত হোৱা শংকৰী সংগীতৰ গ্ৰীষ্মকালীন কৰ্মশালাৰ বুধবাৰে সফল সামৰণি পৰে (Summer workshop on Shankari Sangeet) ৷ তিনিদিনীয়াকৈ অনুষ্ঠিত কৰ্মশালাখনত সমল ব্যক্তিসকলে অঞ্চলটোৰ যুৱক-যুৱতীসকলক বৰগীত, গাণিকা, নৃত্য, নাটৰ প্ৰশিক্ষণ প্ৰদান কৰে । শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ কলিয়াবৰ জিলা শাখাৰ মুখ্য কাৰ্যালয়ত হোৱা এই প্ৰশিক্ষণ বিগত ১১ জুলাইৰ পৰা ১৩ জুলাইলৈ অনুষ্ঠিত হৈছিল ।