ছিপাঝাৰত বিদ্যালয়ৰ প্ৰাৰ্থনা সভাতে অচেতন ছাত্ৰ-ছাত্ৰী - গুণোৎসৱৰ প্ৰাক ক্ষণ
ছিপাঝাৰৰ এখন হাইস্কুলত প্ৰাৰ্থনাৰ সময়ত ঢলি পৰিল চাৰিগৰাকী ছাত্ৰ-ছাত্ৰী(Four students fall during school prayers) । ছিপাঝাৰৰ মাৰৈ বিজুলীবাৰী হাইস্কুলত সংঘটিত এই অঘটন । শ্ৰেণী আৰম্ভ হোৱাৰ পূৰ্বে বিদ্যালয়ত আনদিনাৰ দৰে চলিছিল প্ৰাৰ্থনা । প্ৰাৰ্থনা চলি থকা সময়তে ঢলি পৰিল তিনিগৰাকী ছাত্ৰী আৰু এগৰাকী ছাত্ৰ । ছাত্ৰ ছাত্ৰী চাৰিগৰাকী অচেতন হৈ ধলি পৰাৰ কাৰন স্পষ্ট হোৱা নাই ৷ গুণোৎসৱৰ প্ৰাক ক্ষণত হোৱা এনে ঘটনাই বিমোৰত পেলাইছে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়ত্ৰী আৰু অভিভাৱকক । অসুস্থ আটাইকেইগৰাকী ছাত্ৰ-ছাত্ৰীক ছিপাঝাৰ সামুহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে(Sick students admitted to treatment) ।