অসম

assam

ETV Bharat / videos

সত্ৰ নগৰী মাজুলীত উদযাপন শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪তম জন্মোৎসৱ - জগতগুৰু মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ

By

Published : Oct 5, 2022, 3:38 PM IST

ৰাৰাজ্যত এতিয়া পূজাৰ বতৰ ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত পূজাৰ ব্যাপক আনন্দ উৎসাহ ৷ কিন্তু ইয়াৰ মাজতে মাজুলীত দেখিবলৈ পোৱা গৈছে এক ব্যতিক্ৰম ছবি । খোল-তালৰ শব্দত মুখৰিত হৈ পৰিছে সত্ৰ নগৰী মাজুলী । কিয়নো মাজুলীত উদযাপন কৰা হৈছে জগতগুৰু মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ ৫৭৪ তম জন্মোৎসৱ (574th birth anniversary of Srimanta Sankardeva) ৷ মধ্য মাজুলী আঞ্চলিক শংকৰদেৱ সাংস্কৃতিক সংঘৰ সৌজন্যত আৰু মেৰবিল গাঁৱৰ সহযোগত উদযাপন কৰা হৈছে শ্ৰী শ্ৰী শংকৰদেৱৰ জন্মোৎসৱ (Srimanta Sankardeva birth anniversary celebrated in Majuli)। তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে শংকৰদেৱৰ জন্মোৎসৱটি । মঙলবাৰে অৰ্থাৎ দ্বিতীয়টো দিনৰ কাৰ্যসূচীত মাজুলীৰ বিভিন্ন প্ৰান্তৰ মহিলাসকলৰ মাজত দিহানাম, বৰগীত প্ৰতিযোগিতা পালন কৰা দেখা যায় । আয়োজক সমিতিয়ে জানিবলৈ দিয়া অনুসৰি অন্তিমটো দিনত অৰ্থাৎ আজি ভাগৱত পাঠ তথা ব্যাখ্যা অনুষ্ঠানেৰে কাৰ্যসূচীৰ সামৰণি পৰিব ।

ABOUT THE AUTHOR

...view details