অসম

assam

ETV Bharat / videos

হুঁচৰি গোৱা ধনেৰে শিক্ষকে ৰং কৰিলে বিদ্যালয়ৰ চাৰিবেৰত

By

Published : Apr 22, 2021, 10:06 AM IST

বিহালীৰ এগৰাকী শিক্ষকৰ বিশেষ পদক্ষেপ ৷ বিহালী সমষ্টিৰ নাহৰজান প্ৰাথমিক বিদ্যালয়ৰ টেট শিক্ষক বিশ্বজিৎ ৰয়ৰ ব্যতিক্ৰমী পদক্ষেপে এতিয়া দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে বিহালীবাসীৰ ৷ শিক্ষকগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক অসমৰ জাতীয় উৎসৱ বিহুটিক সম্যক জ্ঞান দিয়াৰ উদ্দেশ্যে ছাত্ৰ-ছাত্ৰীক লগত লৈ প্ৰতি বছৰে অঞ্চলবাসীৰ ঘৰে ঘৰে হুঁচৰি গাই আহিছে ৷ ছাত্ৰ-ছাত্ৰীসকলে হুঁচৰি গাই যি মাননী লাভ কৰিছিল সেই ধন অঞ্চলটোৰ একো একোখন বিদ্যালয়ৰ আন্তঃগাঁঠনিৰ বাবে দান কৰি আহিছিল ৷ এইবেলিও শিক্ষকগৰাকীয়ে হুঁচৰি গাই লাভ কৰা ধনেৰে বিহালীৰ লক্ষীনাথ বেজবৰুৱা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ চাৰিওফালৰ বেৰা সমূহ ৰং কৰি ধুনীয়াকৈ সজাই তুলিছে ৷ যিহেতু বিদ্যালয়খন বৰ্তমানেও প্ৰাদেশিকৃত হোৱা নাই গতিকে শিক্ষকগৰাকীৰ এনে প্ৰচেষ্টাক এতিয়া সকলোৱে প্ৰশংসাও কৰিছে ৷

ABOUT THE AUTHOR

...view details