অসম

assam

By

Published : Aug 27, 2022, 9:26 PM IST

Updated : Aug 27, 2022, 9:45 PM IST

ETV Bharat / videos

সোণালী ফোগাটৰ মৃত্যুৰ পূৰ্বৰ আন এটা চাঞ্চল্যকৰ চিচিটিভি ফুটেজ

সোণালী ফোগাটৰ মৃত্যুৰ পূৰ্বৰ আন এটা চাঞ্চল্যকৰ চিচিটিভি ফুটেজ পোহৰলৈ আহিছে(Sonlai Phogat CCTV footage) । এই ভিডিঅ'টো গোৱাৰ একেটা ক্লাৱৰে বুলি কোৱা হৈছে য'ত তেওঁ শেষবাৰৰ বাবে পাৰ্টি কৰিছিল । গোৱা আৰক্ষীৰ দাবী অনুসৰি, ভিডিঅ’টোত অভিযুক্ত সুধীৰ চাংৱান আৰু সুখৱিন্দৰে তেওঁক কিবা এটা দি থকা দেখা গৈছে ৷ এই ভিডিঅ'টোত সুধীৰ চাংৱানে সোণালীক কিবা খুৱাই থকা দেখা গৈছে(Sonali Phogat drug drinking cctv video ) । সোণালীয়ে সেয়া খোৱাৰ সময়ত অসহজবোধ কৰাও ভিডিঅ’টোত দেখা গৈছে । সোণালীয়ে সেয়া সেৱন কৰিবলৈ প্ৰায় অস্বীকাৰ কৰে যদিও লোকজনে সোণালীৰ মুখত ঢালি দিয়ে আৰু তাৰ পাছত সোণালী তললৈ মূৰ কৰি সেৱন কৰা সামগ্ৰীখিনি উলিয়াই দিয়ে ৷ গোৱা আৰক্ষীয়ে শুকুৰবাৰে দাবী কৰিছিল যে সুখবীৰ আৰু সুধীৰ চাংৱানে আৰক্ষীৰ জেৰাৰ সময়ত ড্ৰাগছ সেৱন কৰাৰ কথা স্বীকাৰ কৰিছিল । আনহাতে সোণালীয়ে প্ৰথমতে স্বাভাৱিক নৃত্য কৰি আছিল যদিও তেওঁৰ মুখত কিবা এটা ঢালি দিয়াৰ পাছত মূৰ্চা যাবলৈ ধৰে(Sonali Phogat murder case) ।
Last Updated : Aug 27, 2022, 9:45 PM IST

ABOUT THE AUTHOR

...view details