লখিমপুৰৰ হাৰমতিত একেখন ৰভা তলতে বিবাহ পাশত হ’ল 241 জোৰা দৰা কইনা - হংস ফাউণ্ডেচন
পূৰ্বতে অ-সামাজিক ব্যৱস্থাৰে বিয়া হোৱা বহু দৰা-কইনাই এইবাৰ পালে সামাজিক বিবাহৰ স্বাকৃতি ৷ মঙলবাৰে লখিমপুৰ জিলা বিবাহ সংস্কাৰ সমিতিৰ উদ্যোগত হংস ফাউণ্ডেচনৰ সহযোগত আয়োজন কৰা হয় এক সামূহিক বিবাহৰ কাৰ্যসূচী (Social marriage program at Harmoti)। মঙলবাৰে আয়োজিত এই সামূহিক বিবাহত সম্পূৰ্ণ হিন্দু ধৰ্মীয় ৰীতি-নীতিৰে অতি শৃংখলাবদ্ধতাৰে সম্পন্ন হয় ৷ আনকি এই বিবাহ অনুষ্ঠানত বিবাহৰ প্ৰয়োজনীয় সকলো সামগ্ৰী ফাউণ্ডেশ্যনে বহন কৰে ৷ লগতে যাৱতীয় অন্যান্য সামগ্ৰীৰ লগতে দৰা-কইনাক আয়োজকৰ ফালৰ পৰা উপহাৰো প্ৰদান কৰা হয় ।