Rice smuggling: শিৱসাগৰত বিনামূলীয়া চোৰাং চাউল জব্দ - Smuggling pds rice seized in Sivasagar
চৰকাৰী বিনামূলীয়া চাউলক কেন্দ্ৰ কৰি সমবায় সমূহৰ লগতে সুলভ মূল্যৰ দোকান সমূহে অনিয়ম সংঘটিত কৰি অহাৰ অভিযোগ দীৰ্ঘদিনীয়া । মঙলবাৰে শিৱসাগৰ আৰক্ষীয়ে চৰকাৰী বিনামূলীয়া চাউল জব্দ কৰি এনে অভিযোগ সত্য় বুলি প্ৰমাণিত কৰিলে(Smuggling PDS rice seized at Sivasagar)। মঙলবাৰে বিয়লি জয়সাগৰ কলেজ চাৰিআলিৰ সমীপত জয়সাগৰ আৰক্ষী চকীয়ে চলোৱা তালাচী অভিযানত তিনি কুইণ্টল চৰকাৰী চাউল জব্দ কৰিবলৈ সক্ষম হয় । চাউল সৰৱৰাহ কৰা ডি আই গাড়ীখনৰ লগতে আৰক্ষীয়ে গাড়ী চালকক আটক কৰিছে । আৰক্ষীয়ে সদৰি কৰা অনুসৰি AS 04 BC 7782 নম্বৰৰ ডি আইখনে ৫০কেজি ওজনৰ ৬০বেগ চৰকাৰী চাউল শিৱসাগৰ নগৰৰ বিশালৰ সমীপৰ চানি বৰা নামৰ এজন লোকৰ সুলভ মূল্যৰ দোকানৰ পৰা নামতি চাৰিআলিৰ আটিকুৰ হুছেইন নামৰ এজন লোকৰ দোকানলৈ অবৈধভাবে সৰবৰাহ কৰিছিল । উক্ত ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।