অসম

assam

By

Published : May 28, 2022, 6:27 PM IST

ETV Bharat / videos

ধুমুহাৰ তাণ্ডৱ: লখিমপুৰত বিস্তৰ ক্ষতি

লখিমপুৰত ধুমুহাৰ তাণ্ডৱ(Severe storm in Lakhimpur) । শনিবাৰে বিয়লি হঠাতে অহা এজাক বিধ্বংসী ধুমুহাই তচনচ কৰিলে লখিমপুৰৰ বহু কেইটা অঞ্চল । বিধ্বংসী ধুমুহাজাকে উৰুৱাই নিয়ে বহু লোকৰ ঘৰৰ টিনপাত । কেইবাটাও বাসগৃহ ভাগি পৰে এই বিধ্বংসী ধুমুহাত । বাগৰি পৰে বহুকেইডাল প্ৰকাণ্ড গছ । লখিমপুৰ জিলাৰ লালুকৰ পুখুৰীয়া, বলমা, বিষ্ণুপুৰ, গডমূৰ আদিকে ধৰি বহুকেইখন গাঁৱতো বিস্তৰ ক্ষতিসাধন হোৱা পৰিলক্ষিত হয় । ৰুষ্ট প্ৰকৃতিৰ ৰোষত পৰি খন্তেকতে অঘৰী হৈ পৰা বহু পৰিয়ালৰ এতিয়া হাহাকাৰ অৱস্থা । প্ৰকৃতিৰ ৰোষত পৰা জিলাখনৰ ৰাইজে এতিয়া সুঁৱৰিছে ত্ৰাহিমধুসুদন ।

ABOUT THE AUTHOR

...view details