অসম

assam

By

Published : Jun 21, 2021, 8:46 AM IST

ETV Bharat / videos

লেংটিছিঙাত ড্ৰ'ণৰ সহায়ত ছেনিটাইজেশ্যন

ৰাজ্যত অব্যাহত আছে মহামাৰী কৰ’ণা (Corona)ৰ সংহাৰী ৰূপ ৷ ৰাজ্যখনৰ ভিন্ন প্ৰান্তত দৈনিক বহু লোক এতিয়াও আক্ৰান্ত হৈ আছে ক’ভিড-19ত ৷ ক’ভিডৰ সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত প্ৰশাসন তথা ব্যক্তিগত প্ৰচেষ্টাত ঠায়ে ঠায়ে অব্যাহত আছে ছেনিটাইজেশ্যন কাৰ্যসূচী ৷ ক'ভিড সংক্ৰমণৰ পৰিমাণ তুলনামূলকভাৱে হ্ৰাস পাইছে যদিও বহুলোক এতিয়াও ক'ভিডত আক্ৰান্ত হৈ থকাৰ প্ৰতি লক্ষ্য ৰাখি সাংসদ আব্দুল খালেকৰ নেতৃত্বত আৰু লেংটিছিঙা গাঁও পঞ্চায়তৰ সভানেত্ৰী ছানিয়াৰা খাতুনৰ সহযোগত বঙাইগাওঁ জিলাৰ লেংটিছিঙাত দেওবাৰে ড্ৰ'ণৰ সহায়ত ছেনিটাইজেশ্যন কৰা হয় ৷ লেংটিছিঙা বজাৰ, হাস্পতাল, মহাবিদ্যালয়, আৰক্ষী চকী, মছজিদ আদি বিভিন্ন স্থানত ড্ৰ'ণৰ জৰিয়তে ছেনিটাইজ কৰা হয় । উল্লেখ্য যে, চেন্নাইৰ গৰোডা ইৰোচপেচ কোম্পানীৰ দ্বাৰা সাংসদ আব্দুল খালেকে ছেনিটাইজেশ্যন কৰা কাৰ্যক ৰাইজে ভূয়সী প্ৰশংসা কৰা দেখা গৈছে ।

ABOUT THE AUTHOR

...view details