অসম

assam

By

Published : Jun 3, 2021, 4:50 PM IST

ETV Bharat / videos

ড৹ লক্ষ্মীনন্দন বৰাৰ বিয়োগত কুলধৰ শইকীয়াৰ শোক প্ৰকাশ

অসমীয়া সাহিত্য জগতৰ বিশিষ্ট গল্পকাৰ, ঔপন্যাসিক আৰু শিক্ষাবিদ ড৹ লক্ষ্মীনন্দন বৰাৰ বৃহস্পতিবাৰে দেহাৱসান ঘটে । ক’ভিড-১৯ত আক্ৰান্ত হৈ যোৱা ২০ মে’ৰ পৰা চিকিৎসাধীন হৈ থকা যশস্বী সাহিত্যিকগৰাকীয়ে বৃহস্পতিবাৰে গুৱাহাটীৰ এক্সেল কেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে ৷ উল্লেখ্য যে, ১৯৩১ চনত নগাঁও জিলাৰ হাতীচোং অঞ্চলৰ কুজিদাঁহ গাঁৱত জন্ম লাভ কৰা বৰাই নগাঁৱৰ পৰাই স্কুলীয়া শিক্ষা সাং কৰি পাচত কটনৰ পৰা স্নাতক আৰু কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল । প্ৰায় ৬০ খনৰো অধিক গ্ৰন্থেৰে অসমীয়া সাহিত্যৰ ভড়াল টনকিয়াল কৰি যোৱা এইগৰাকী সাহিত্যিকৰ মৃত্যুত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শোক প্ৰকাশ কৰাৰ লগতে অসম সাহিত্য সভাৰ সভাপতি তথা অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান কুলধৰ শইকীয়াইও গভীৰ শোক প্ৰকাশ কৰিছে ৷ জানিব পৰা মতে, ৰাজ্য চৰকাৰে সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে বৰাৰ শেষকৃত্য সম্পন্ন কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে ।

ABOUT THE AUTHOR

...view details