অসম

assam

ETV Bharat / videos

ছয় জনগোষ্ঠী জনজাতিকৰণৰ প্ৰসংগত শিক্ষামন্ত্ৰী পেগু - Protest on st demand

By

Published : Sep 17, 2022, 5:23 PM IST

কেন্দ্ৰীয় চৰকাৰৰ কেবিনেটত ৰাজ্যৰ ছয় জনগোষ্ঠী জনজাতিকৰণৰ পৰা বাদ পৰাক লৈ ৰাজ্যজুৰি জনগোষ্ঠীসমূহৰ দল সংগঠনমূহে অব্যাহত ৰাখিছে তীব্ৰ প্ৰতিবাদ(Protest on st demand) । এই প্ৰতিবাদ অব্যাহত থকা সময়তে শনিবাৰে ধেমাজিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে । কেইবাটাও চৰকাৰী কাৰ্যসূচীত অংশ লোৱাৰ উদ্দেশ্যে ধেমাজিত উপস্থিত হোৱা ধেমাজিৰ বিধায়ক তথা ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ছয় জনগোষ্ঠীৰ জনজাতিকৰনৰ সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ছয় জনগোষ্ঠীৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে হেমাহি কৰা নাই(Minister Ronuj pegu reaction against st demand) ৷ ৰাজ্য চৰকাৰে এইক্ষেত্ৰতো কৰিবলগীয়া দায়িত্বখিনি পালন কৰিছে । ইতিমধ্যে ৰাজ্য চৰকাৰে প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰক দাখিল কৰিছে ৷ এইক্ষেত্ৰত পুনৰ সিদ্ধান্ত লবলগীয়া নাই বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷

ABOUT THE AUTHOR

...view details