Robbery in Makum: মৰণাস্ত্ৰ দেখুৱাই গৃহস্থক কোঠাত বন্দী কৰি ডকাইতৰ লুটপাট - Rise in robberies at Makum in Tinsukia district
বুধবাৰে নিশা মাকুমৰ বিশ্বজিৎ ৰায় নামৰ লোক এজনৰ বাসগৃহত সংঘটিত হয় ডকাইতি কাণ্ড (Robbery in Makum)। মাকুম আৰক্ষী থানাৰ কিছু নিলগতে সংঘটিত হয় এই ডকাইতি কাণ্ড । ডকাইতৰ দলটোৱে মৰণাস্ত্ৰ দেখুৱাই বিশ্বজিৎ ৰায় আৰু তেওঁৰ পৰিয়ালটিক নিশা ৯:৩০ বজাৰ পৰা ১২ বজালৈ এটা কোঠালিৰ ভিতৰত পনবন্দী কৰি নগদ ধন সহ সোণৰ আ-অলংকাৰ লুটি লৈ যায় । ইফালে গোটেই নিশা কোঠাত বন্দী হৈ থাকে পৰিয়ালটি ৷ পিছদিনা আৰক্ষীয়ে ৱাল পাৰ হৈ দুৱাৰ খোলে ৷ এই ডকাইতি কাণ্ডই সমগ্র অঞ্চলটোত তীব্র চাঞ্চল্য পৰিবেশ সৃষ্টি কৰিছে (Sensation across the area) । ইতিমধ্যে মাকুম আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ।