জনপ্ৰতিনিধিৰ পৰিয়ালৰ লোকেই চুৰি কৰিলে বান সাহাৰ্য ! - জনপ্ৰতিনিধিৰ পৰিয়াল লোকেই চুৰ কৰিলে বান সাহাৰ্য
বৰপেটাৰ সৰুক্ষেত্ৰীৰ বেতবাৰী পাথাৰ গাঁৱত বান সাহাৰ্যৰ দাইল চুৰি হোৱাৰ ঘটনাক কেন্দ্ৰ কৰি এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছে । বৰপেটাৰ পশ্চিম বেতবাৰী গাঁও পঞ্চায়তৰ ৮ নং ৱাৰ্ডৰ পঞ্চায়ত সদস্যাগৰাকীৰ স্বামী আইনুদ্দিন নামৰ লোকজনে বান সাহাৰ্যৰ পৰা 1 বস্তা দাইল চুৰি কৰি এখন দোকানত বিক্ৰী কৰাৰ অভিযোগ তুলিলে স্থানীয় লোকসকলে (Relief Dal pulses theft in Barpeta) ৷ যিসময়ত বানত (Floof in Barpeta) দূৰ্গত জনতাই এমুঠি খাদ্যৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে, তেনে সময়ত এগৰাকী জনপ্ৰতিনিধিৰ পৰিয়ালৰ লোকে বান সাহাৰ্য চুৰি কৰাৰ ঘটনাক সহজভাৱে লোৱা নাই গাঁওবাসীয়ে ৷ এইক্ষেত্ৰত প্ৰশাসনক উপযুক্ত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় গাঁওবাসীয়ে ।