অসম

assam

ETV Bharat / videos

Plastic recycled machine: তিতাবৰ পৌৰসভাত প্লাষ্টিকৰ পুনৰ ব্যৱহায্য যন্ত্ৰ নিৰ্মাণ - তিতাবৰ পৌৰসভাত নিৰ্মাণ কৰা হৈছে প্লাষ্টিকৰ পুনৰ ব্যৱহাৰকৃত যন্ত্ৰ

By

Published : Jul 17, 2022, 1:07 PM IST

তিতাবৰ পৌৰসভাত নিৰ্মাণ কৰা হৈছে প্লাষ্টিকৰ পুনৰ ব্যৱহাৰকৃত যন্ত্ৰ (Plastic recycled machines built in Titabor municipality)। ডাম্পিং গ্ৰাউণ্ড বুলিলে আচলতে লেতেৰা, দুৰ্গন্ধময় পৰিৱেশে পৰিচয় বহন কৰে । কিন্তু তিতাবৰ পৌৰসভাই নিৰ্মাণ কৰি উলিয়াইছে এখন অত্যাধুনিক, উদ্যান সদৃশ ডাম্পিং গ্ৰাউণ্ড । তিতাবৰৰ মহকুমাধিপতি, তিতাবৰৰ ৰাজহ চক্ৰ বিষয়া, তিতাবৰ মহকুমা প্ৰশাসনৰ কাৰ্যবাহী দণ্ডাধিশ ৰাজা বৈশ্যৰ পৰিকল্পনাত আৰু যোৰহাট ৰিজলিন টেকনলজিৰ তত্বাৱধানত স্বত্বাধিকাৰ চামিৰ চামাদ আৰু জাবেদ শইকীয়াই নিৰ্মাণ কৰি উলিয়াইছে এই ডাম্পিং গাউণ্ডখন । উক্ত ডাম্পিং গ্ৰাউণ্ডত পেলনীয়া প্লাষ্টিক সমূহক শোধন কৰি পুনৰ ব্যৱহাৰৰ যোগ্য কৰিব ৷ তিতাবৰ পৌৰসভাৰ এই প্ৰশংসনীয় পদক্ষেপক তিতাবৰবাসীয়ে আদৰণি জনাইছে ।

For All Latest Updates

ABOUT THE AUTHOR

...view details